নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক যুৱ মহোৎসৱৰ সফল সামৰণি

নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক যুৱ মহোৎসৱৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- বিভিন্ন জাতি-জনগোষ্ঠীৰ বিচিত্ৰতাৰে ভৰপূৰ অসম এখন ক্ষুদ্ৰ ভাৰত ৷ অসমত বিৰাজমান বিচিত্ৰতাৰ মাজতো ঐক্য সংহতি এক বিৰল চিত্ৰ এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত নিৰ্মানৰ বাবে যুৱ শক্তিক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ অসমৰ বিভিন্ন জিলাৰ পৰা উপস্থিত হোৱা পাঁচ শতাধিক ভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে পৰিবেষ্টিত যুৱক-যুৱতীসকলৰ উপস্থিতিয়ে এক শান্তি আৰু সদন্বয়ৰ বাৰ্তা বহন কৰিছে বুলি উল্লেখ কৰি অসমৰ শক্তি, যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই মুখ্য অতিথিৰ ভাষন আগবঢ়ায় । আজি ডনবস্ক’ ইনষ্টিটিউটত অনুষ্ঠিত ৰাজ্যিক যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা ৷ সন্মানীয় অতিথিৰ ভাষনত সাংসদ গৰাকীয়ে ৰাজ্যিক যুৱ উৎসৱত আজি ৰামধেনুৰ দৰে সাতোৰঙী সদৃশ পৰিৱেশ সৃষ্টি হৈছে বুলি মন্তব্য কৰে ৷ লগতে যুৱ শক্তিয়ে উদ্যম আৰু একাগ্ৰতাৰে জীৱনত সৃষ্টিশীল প্ৰেৰণাৰে দেশ নিৰ্মানৰ বাবে অগ্ৰসৰ হ’বলৈ আহ্বান জনায় । নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ মাণ্ডলীক সঞ্চালক ইং খোং গুৱাঙয়ে যুৱ উৎসৱৰ উদ্দেশ্য বিশদভাৱে ব্যাখ্যা কৰে লগতে ডনবস্ক’ ইনস্টিটিউটৰ কাৰ্য্যবাহী সঞ্চালক শ্লেটাচ চবাস্টিয়ান আৰু নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ উপ-সঞ্চালক শেখৰ ৰঞ্জন দেৱ, প্ৰমথেশ চক্ৰবৰ্ত্তী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত আৰু ডনবস্ক’ ইনস্টিটিউট খাৰঘুলিত অনুষ্ঠিত ৰাজ্যিক যুৱ মহোৎসৱ প্ৰথমদিনা অৰ্থাৎ ১৫ নৱেম্বৰত আনুস্থানিকভাবে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ সচিব কাউচাৰ জামিল হিলালীয়ে ৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ মাণ্ডলীক সঞ্চালক জিং জিলং , ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী তথা অসম চৰকাৰৰ এৰিয়াচ চ’চাইটিৰ ( ARIAS Society) প্ৰশিক্ষণ আৰু সক্ষমতা বিশেষজ্ঞ ড° হেমন্ত ৰাভাই ৷ মহোৎসৱত অনুষ্ঠিত পেইনটিং প্ৰতিযোগিতা, ভ্ৰাম্যমান ফটোগ্ৰাফী, বাগ্মিতা প্ৰতিযোগিতা, যুৱ লেখক (কবিতা) প্ৰতিযোগিতা আৰু দলীয় সাংস্কৃতিক প্ৰতিযোগিতা প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী তথা দলক বঁটা আৰু মানপত্ৰ বিতৰন কৰা হয় । দলীয় সাংস্কৃতিক প্ৰতিযোগিতা বৰপেটা জিলাই প্ৰথম স্থান , কামৰূপ গ্ৰাম্য দলে দ্বিতীয় স্থান আৰু কামৰূপ মেট্ৰ দলে তৃতীয় স্থান লাভ কৰে ৷