‘নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়- বিনিময় অভিযান’ শীৰ্ষক কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান’ৰ প্ৰথম পৰ্যায়ৰ কৰ্মশালাৰ তৃতীয় দিনৰ প্ৰশিক্ষাৰ্থীৰ যোগাসন প্ৰাণায়মৰ প্ৰশিক্ষণেৰে আৰম্ভ কৰা হয়৷যোগাসন অনুষ্ঠানৰ সঞ্চালনা কৰে যোগ গুৰুকুল অসমৰ ডা° হিমাংশু বুজৰবৰুৱাই৷লগতে সহযোগ কৰে যোগশিক্ষক কিৰণ শৰ্মা,ভাস্কৰ হাজৰিকা আৰু মৃদুল লহকৰে৷দ্বিতীয় সত্ৰত জনগোষ্ঠী অনুযায়ী ভোৰতাল,সত্ৰীয়া নৃত্য আৰু জনগোষ্ঠীয় সংস্কৃতিৰ আভাস প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়৷প্ৰশিক্ষণ আগবঢ়াই-ভূবন মৈদালী,ইন্দ্ৰ পুৰি,জ্যোতি ভট্টৰীয়া,হুকুমলাল মাগৰ,বাহাদুৰ ৰায়,স্বদেশ কুমাৰ হাজং,বিদ্যাসাগৰ হাজং,সীতাৰাণী হাজৰিকা,হৰি শইকীয়া,ধন কুমাৰ বিষয়াৰ লগতে কেইবাজনো সমল ব্যক্তি আৰু জনগোষ্ঠীয় প্ৰশিক্ষকে৷কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত বৌদ্ধিক আলোচনা সত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মালিনী গোস্বামীয়ে প্ৰশিক্ষাৰ্থীক ’পুৰাতন ভাৰতীয় পৰম্পৰা আৰু সাংস্কৃতিক বৈভৱ’ শীৰ্ষক বিষয়ত বক্তব্য প্ৰদানৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে৷তেওঁ ভাষণত কয়- পুৰাতন ভাৰত বুলি ক’লে বৈদিক যুগৰ পৰা ধৰা হয়৷পৃথিৱীৰ প্ৰায় একে সময়তে চুবেৰীয়া সভ্যতা,এচিৰিঅ’ সভ্যতা,মেচিপটমীয়া সভ্যতা,নীল নদীৰ ইজিপ্টৰ মিচৰীয়া সভ্যতা,বেবিলেনীয় সভ্যতা আছিল কোনো এটা প্ৰাচীন সভ্যতা সি বিদেশী আক্ৰমণকাৰীৰ হেঁচাতেই হওক,ধৰ্মান্তকাৰী হোৱাৰ কাৰণত যি বিলাক ঘটনা ঘটিল সেইকাৰণতে প্ৰাচীন জীৱনশৈলী বৰ্তি নাথাকিল৷