অৱশেষত অপাৰেচন সিন্দূৰত শ্বহীদ হোৱা ৬ জোৱানৰ নাম প্রকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- অপাৰেচন সিন্দূৰ অভিযানত শ্বহীদ হোৱা ৬গৰাকী ভাৰতীয় সেনাকর্মীৰ নাম প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেৱল নামেই নহয়, শ্বহীদ জোৱানকেইজনৰ বিষয়ে বিস্তাৰিত তথ্যও উন্মোচন কৰা হৈছে। ‘আমী ৱাৰ মেম’ৰিয়েল’ৰ চৰকাৰী ৱেবছাইটত এই সম্পৰ্কীয় তথ্য তুলি ধৰা হৈছে। যোৱা বছৰৰ মে’ মাহত পাকিস্তানৰ সন্ত্রাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দূৰত শ্বহীদবৰণ কৰা ভাৰতীয় সেনাৰ পাঁচগৰাকী সদস্য আছিল চুবেদাৰ মেজৰ পৱন কুমাৰ, ৰাইফল মেন সুনীল কুমাৰ, লেন্স নায়ক দীনেশ কুমাৰ, অগ্নিবীৰ মুড মুৰলী নায়ক আৰু হাবিলদাৰ সুনীল কুমাৰ সিং। ষষ্ঠগৰাকী শ্বহীদৰ নাম সুৰেন্দ্ৰ কুমাৰ। তেওঁ আছিল ভাৰতীয় বিমান বাহিনীৰ ছাৰ্জেন্ট। এই নামসমূহ ৱেবছাইটৰ ২০২৫ শাখাৰ অন্তর্গত থ্রী-ডি বালত দেখা গৈছে। দেশৰ সেৱাত প্রাণবলি দিয়া আন শ্বহীদসকলৰ নামো তাত দেখা গৈছে। প্ৰথমবাৰৰ বাবে অপাৰেচন সিন্দূৰত শ্বহীদ হোৱাসকলৰ নাম প্রকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। যোৱা মে’ মাহত ভাৰত-পাকিস্তানৰ মাজত যি চাৰিদিনীয়া সংঘাত সৃষ্টি হৈছিল তাত প্রাণ হেৰুওৱা দুজনক মৰণোত্তৰভাৱে বীৰৰ সন্মান প্ৰদান কৰা হৈছে। ৰাইফল মেন সুনীলক দিয়া হৈছে ‘বীৰ চক্ৰ’ সন্মান। যোৱা ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রোপদী মুৰ্মৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে শ্বহীদগৰাকীৰ পিতৃ-মাতৃয়ে। ছার্জেন্ট সুৰেন্দ্ৰক দিয়া হৈছে ‘বায়ু সেনা পদক’। কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে সামৰিক ঐতিহ্য মানি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ দেৱালত এই ছয় বীৰ শ্বহীদৰ নাম খোদাই কৰা হ’ব।
