ইয়াত এখন অৰণ্য আছিল
জ্যোতিমণি মাহত্ব,যোৰহাট
ইয়াত এখন বিশাল অৰণ্য আছিল
ঝংকৃত হৈছিল এক অলৌকিক ৰাগিনী,
বিৱৰ্তনৰ ধূলিময় পথত মৌন প্ৰতিধ্বনিৰ কোলাহল
প্ৰাণৰ স্পন্দনত অনুৰণিত হৈছিল এক অনাবিল আশ্ৰয়।
সেউজীয়া অৱয়বেৰে ধৰণী কৰিছিল ধন্য
মহীৰূপৰ ছাঁয়াত আছিল বিহংগৰ কলৰৱ,
নিস্তদ্ধ যামিনীত বাজি উঠে তন্ত্ৰীৰ সুৰ
প্ৰতিটো বৃক্ষৰ পত্ৰই সিচিছিল এক চিৰন্তন আশ্বাস।
কিন্তু লাহে লাহে নামি আহিল যান্ত্ৰিকতাৰ কৰাল গ্ৰাস
মানৱৰ তাণ্ডৱ নৃত্যত অৰণ্যবোৰ হ’ল শেষ,
খণ্ডিত হ’ল অৰণ্যৰ মায়াময় চিৰ সেউজ বুকু
স্বাৰ্থৰ সোঁতত স্তব্ধ হ’ল স্পন্দিত হিয়া।
শব্দহীন হ’ল আজি বনৰীয়া সুৰ
সেউজীয়া সপোনবোৰ হ’ল বহু দূৰ,
ইয়াত এখন তিমিৰ ঘন অৰণ্য আছিল
কিন্তু এতিয়া ধূলিস্যাৎ প্ৰকৃতিৰ সেই অনুপম দান।
