অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই মুকলি হ’ল কামাখ্যা দেৱালয়ৰ দ্বাৰ

Pc Indian Express-Bangla

অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই মুকলি হ’ল কামাখ্যা দেৱালয়ৰ দ্বাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভক্তি আৰু আধ্যাত্মিকতাৰ অনন্য সমাহাৰ তথা আয়তীৰ উৰুলি, ভক্তৰ জয়ধ্বনিৰে সামৰণি পৰিল নীলাচল পাহাৰৰ কামাখ্যা ধামত অনুষ্ঠিত অম্বুবাচী মহাযোগৰ। বিগত ২২ জুনত অম্বুবাচীৰ প্ৰবৃত্তিৰ পিছতে ২৫জুনৰ  মাজনিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হৈছিল। তাৰ পিছতে শুকুৰবাৰে পুৱা সূর্যোদয়ৰ লগে লগে দেৱীৰ স্নানাদিকে ধৰি নিত্য পূজা সম্পূৰ্ণ কৰাৰ পিছত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। নিবৃত্তিৰ পাছত সপৰিয়ালে দেৱী কামাখ্যাৰ দৰ্শন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই। দেৱীৰ শ্ৰীচৰণত সেৱা আগবঢ়াই ৰাজ্যপাল আচাৰ্যই সকলোৰে মংগল কামনা কৰে।  তেওঁ কয়, এই শুভ অনুষ্ঠানৰ পৰা মই ৰাজ্যবাসীলৈ বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ ৷ মই সুখী যে লাখ লাখ লোকে মা কামাখ্যাক সেৱা জনাবলৈ আহিছে, আৰু সকলোৱে মা কামাখ্যাৰ চৰণত আশিস গ্ৰহণ কৰিছে । প্ৰশাসনে সকলোকে দৰ্শনৰ বাবে সুসংগঠিত ব্যৱস্থা কৰিছে । অম্বুবাচীত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছিল আৰক্ষী প্ৰশাসনে ৷ এই ক্ষেত্ৰত বান্ধি দিয়া হৈছিল কেতবোৰ নীতি নিৰ্দেশনাও ৷ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অম্বুবাচীৰ অন্ত পৰাত প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যপালে ৷ নিবৃত্তিৰ পিছত নিত্য পূজা-অৰ্চনাৰ লগে লগে মন্দিৰৰ দুৱাৰ ভক্তিপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। দুৱাৰ খোলাৰ লগে লগেই ভক্ত-দর্শনাৰ্থীৰ তীব্র ঠেলা-হেঁচা হোৱা পৰিলক্ষিত হয়। পৰ্যটন বিভাগৰ তথ্যমতে এইবাৰ অম্বুবাচীত প্রায় ৮ লাখ ভক্তৰ সমাগম ঘটিছে। দেৱালয়ত ৭,৯৬,৭৭৭ গৰাকী ভক্ত-দর্শনার্থীৰ আগমন ঘটাৰ লগতে ৭৫গৰাকী বিদেশী ভক্তৰো সমাগম হয়। বিগত বর্ষত অম্বুবাচীলৈ ৭,৭২,০১৯ গৰাকী ভক্ত-দর্শনার্থীৰ লগতে ৪২গৰাকী বিদেশী ভক্তৰ আগমন হৈছিল। এইবাৰ কামাখ্যা মন্দিৰত অম্বুবাচীৰ সময়ত প্ৰায় আঠ লাখ ভক্তৰ সমাগম হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, পৱিত্ৰ অম্বুবাচী মহাযোগৰ সমাপ্তিৰ পাছত আজি পুনৰ ভক্তসকলৰ বাবে মুকলি হৈছে মা কামাখ্যা ধামৰ পৱিত্ৰ দ্বাৰ । নীলাচল পাহাৰত আজি পুনৰ অনুভূত হ’ল আদ্যাশক্তিৰ অপাৰ মহিমা আৰু আধ্যাত্মিক শক্তিৰ স্পন্দন । এই শুভ আৰু মংগলময় ক্ষণত মা কামাখ্যাৰ শ্ৰীচৰণত সকলোৰে সুখ-শান্তি, সমৃদ্ধি আৰু কল্যাণৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনালোঁ । ই অসমৰ ঐতিহ্যত নাৰী শক্তিৰ কেন্দ্ৰীয়তাৰ প্ৰতীক । যোৱা কেইদিনত ৮ লাখৰো অধিক ভক্তই এই অনন্য উদযাপনত অংশগ্ৰহণ কৰে ।