নীলাচল জাতীয় বিদ্যালয়ত সাহিত্য দিৱস উদ্‌যাপন

নীলাচল জাতীয় বিদ্যালয়ত সাহিত্য দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  নীলাচল জাতীয় বিদ্যালয়ৰ উদ্যোগত  বিদ্যালয় প্ৰাংগণত সাহিত্য দিৱস উদ্‌যাপন কৰা হয়৷দিৱসত বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই ছাত্ৰ ছাত্ৰীসকলক সৃষ্টিশীল সাহিত্যৰ প্ৰতি আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু পৰৱৰ্তী বৰ্ষৰ বাবে হাতে লিখা আলোচনী কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়ায়৷সাহিত্য দিৱস উপলক্ষে সপ্তাহজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত  হাতৰ আখৰ লিখা,ছবি চাই সাধু কোৱা,থিতাতে ৰচনা লিখা,গল্প লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ঠিক তেনেদৰে ২০২০ বৰ্ষৰ পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হাতে লিখা আলোচনী প্ৰতিযোগিতাত তত্বাৱধায়ক তথা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হয়৷উক্ত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই আগবঢ়ায়৷