নীৰৱ কবি টিপেশ্বৰ গগৈ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

নীৰৱ কবি টিপেশ্বৰ গগৈ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- গেলেকী অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, নীৰৱ কবি তথা কেবাখনো কাব্যগ্ৰন্থৰ স্ৰষ্টা সদ্যপ্ৰয়াত টিপেশ্বৰ গগৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষত কবিগৰাকীৰ ন-পাম বাৰূৱতী গাঁওস্থিত বাসভৱনত গেলেকী নাগৰিক সমাজৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়৷ জিতু গগৈয়ে আঁত ধৰা আৰু গেলেকী কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেশ চেতিয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আৰম্ভণিতে প্ৰয়াত কবিগৰাকীৰ প্ৰতিচ্চবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰে গদাপাণী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গুণ গগৈয়ে৷ স্মৃতিচাৰণ কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক হাছান আলী, জ্যেষ্ঠ নাগৰিক দেবেন গগৈ আৰু সোমেশ্বৰ তাছাই৷ কবিজনৰ ৰচিত কবিতা পাঠ কৰে ক্ৰমে কবি দিপালী ৰাধিকা আৰু কবি দেৱযানী দীক্ষিতাই৷ কবি টিপেশ্বৰ গগৈক সুঁৱৰি বিভিন্নজনৰ লেখাৰে গেলেকী নাগৰিক সমাজে প্ৰকাশ কৰা আৰু অনিল গগৈ সম্পাদিত স্মৰণিকা ‘নীৰৱ শিহৰণ’ উন্মোচন কৰি শলগুৰি মুকুল সাহিত্য সভাৰ সভাপতি তথা নাজিৰা কবি সন্মিলনৰ সম্পাদক, নিবন্ধকাৰ হৰেন চন্দ্ৰ নাথে টিপেশ্বৰ গগৈৰ দৰে এগৰাকী গুণী ব্যক্তিক স্মৰণৰ উদ্যোগ গ্ৰহণ কৰা বাবে গেলেকী নাগৰিক সমাজক ভূয়সী প্ৰশংসা কৰে আৰু তেখেতৰ আদৰ্শৰে নতুন প্ৰজন্মক আগুৱাই নিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়৷ অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে কবিগৰাকীৰ ভগ্নী মীনা গগৈয়ে৷ অনুষ্ঠানত আঠখেল জিলা পৰিষদৰ সদস্য তথা জ্যেষ্ঠ কবি হেমন্ত ৰাজখোৱা, ৰবিন বৰঠাকুৰ, ৰাম নায়ক, বানী গগৈ, তৰুণ চন্দ্ৰ নাথ, জনম খনিকৰকে মুখ্য কৰি স্থানীয় বহুসংখ্যক গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে৷