নীলা মই….চিৰদিন চিৰকাল…
নীলা ৰং মই ভালপাওঁ
সাগৰ খনো যে নীলা
নীলা ৰং মই ভালপাওঁ
আকাশ খনো যে নীলা
সাগৰৰ নীলা যে পাৰাপাৰ নোহোৱা
আকাশৰ নীলা যে ডাৱৰে আৱৰা
ডাৱৰ ফালি ফালি নীলাবোৰ আহে
ৰ’দৰ পোহৰ মিলি
সকলোকে শুশোভিত কৰে
পৃথিৱীখনৰ নীলাবোৰতযে
ইমান মলিনতা
বিষাক্ত মানুহবোৰৰ ৰং ও যে নীলা
মোৰো যে মনতো আছিল
সাগৰ আৰু আকাশৰ দৰেই নীলা
ধূসৰিত কৰাৰ
ক’ত যে বৃথা চেষ্টা
তথাপি মই হৈ থাকিম
চিৰদিন চিৰকাল
সেই সাগৰ আৰু
সেই আকাশৰ দৰেই নীলা
দেবাশীষ গোস্বামী
গোসাইগাওঁ,নগাওঁ