“সপোন” – তনয়া তামুলী

pc Behavioral Scientist.jpg

সপোন বাৰু কি হয় ?
মনৰ ভাৱনা নে
কোনো ঘটনাৰ আগজাননী।
সপোন দেখিবা,
কিন্তু ডাঙৰ;
সপোন দেখিবলৈ সহজ
কিন্তু বাস্তৱত পৰিণত
কৰিবলৈ বহুত টান।
মনৰ ভাৱনাই যদি
সৎ কাম কৰে
তেন্তে সপোন হ’ব দিঠক।
সপোন দেখিবা আৰু
সপোনত আপোন পাহৰা হ’বা।

– তনয়া তামুলী