“অসম সচিবালয় চৰকাৰী কৰ্মচাৰী মহাসংঘ” (Assam Secretariat Govt. Employees’ United Forum) গঠন

অনলাইন বাৰ্ত্তাসেৱা – ১০/৭/২০২১; দিশপুৰ,গুৱাহাটী-৬ অসম সচিবালয়স্থিত অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সন্থাসমূহৰ উমৈহতীয়া যৌথ মঞ্চ- “অসম সচিবালয় চৰকাৰী কৰ্মচাৰী মহাসংঘ” (Assam Secretariat Govt. Employees’ United Forum) গঠন।

“সংহতিৰে উন্নতি” (Prosperity with Unity)।

@ৰাজ্য প্ৰশাসন আৰু উন্নয়নৰ হৃদপিণ্ড স্বৰূপ অসম সচিবালয় (জনতা ভৱন)। ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন, ৰাইজৰ সমস্যা সমূহৰ খৰতকীয়া সমাধানৰ ক্ষেত্ৰত অসম সচিবালয়ৰ চৰকাৰী কৰ্মচাৰীসকলৰ এক বিশেষ ভূমিকা আছে। কিন্তু সচিবালয় প্ৰশাসনৰ সচিবালয়ৰ স্থায়ী চৰকাৰী কৰ্মচাৰী সমাজৰ অধীনস্থ বিষয়া- কৰ্মচাৰীৰ অত্যন্ত গুৰুত্বপূৰ্ণ দাবী, আপত্তি, সমস্যাৰ বিষয়বোৰৰ সম্পৰ্কত চৰকাৰক বিভিন্ন সময়ত অৱগত কৰা হৈছে যদিও আজিকোপতি কোনো মীমাংসা নোহোৱা পৰিলক্ষিত হৈছে। আনহাতে উল্লেখিত কৰ্মচাৰী সমাজ বিভিন্ন সময়ত চৰকাৰৰ বিভিন্ন পক্ষৰ পৰা উপেক্ষিত হোৱাৰ উপৰিও হকে বিহকে হাৰাশাস্তিৰ সন্মুখীন হোৱাত সচিবালয়ৰ বৃহত্তৰ কৰ্মচাৰীৰ মাজত সময়ে সময়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ অহা দেখা গৈছে।

@অসম সচিবালয়স্থিত অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সন্থাসমূহৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকৰ উপৰিও অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত সচিবালয়ৰ স্থায়ী চৰকাৰী কৰ্মচাৰী সমাজৰ লগত জড়িত কিছুমান উমৈহতীয়া গুৰুত্বপূৰ্ণ অভাৱ, অভিযোগ, দাবী, আপত্তিৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ বাবে ইং ৮/৮/২০২১ তাৰিকhe দিশপুৰত এখন যৌথ সভা অনুষ্ঠিত হয়। অসম সচিবালয় সেৱা সন্থাৰ সভাপতি শ্ৰীযুত প্ৰদীপ গগৈদেবে সভাপতিত্ব কৰা সভাখনে অসম সচিবালয়স্থিত অসম চৰকাৰৰ স্বিকৃতিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সন্থা ক্ৰমে “অসম সচিবালয় সেৱা সন্থা”, “অসম সচিবালয় আশুলিপিকা সন্থা”, “অসম সচিবালয় কম্পিউটাৰ অপাৰেটৰ সন্থা”, “অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থা” “অসম সচিবালয় ৰুণীয় অপাৰেটৰ সন্থা” আৰু “সদৌ অসম চৰকাৰী ড্ৰাইভাৰ আৰু হেন্দিমেন সন্থা- দিশপুৰ উপ শাখা” প্ৰতিনিধি মিলিত হৈ “অসম সচিবালয় চৰকাৰী কৰ্মচাৰী মহাসংঘ” (Assam Secretariat Govt. Employees’ United Forum) নামৰ এক উমৈহতীয়া যৌথ মঞ্চ গঠন কৰে। এই কৰ্মচাৰী মহাসংঘৰ টেগ লাইন হৈছে –“সংহতিৰে উন্নতি” (Prosperity with Unity)।

সভাৰ সৰ্বসম্মতিক্ৰমে সদনে শ্ৰীযুত প্ৰদীপ গগৈক সভাপতি আৰু শ্ৰীযুত পাৰ্থ হাজৰিকাক মহাসংঘৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও শ্ৰী সোমেশ্বৰ শইকীয়াক কাৰ্যকৰী সভাপতি; শ্ৰী ৰৌচান আলী আৰু শ্ৰী বুবুল বড়াক উপ-সভাপতি; শ্ৰীমতী স্বপ্নালী মোহনক যুটীয়া সম্পাদিকা, শ্ৰী চন্দন শইকীয়া, শ্ৰী সৌৰভ জ্যোতি বৰ্মন আৰু শ্ৰী সুমিত দেৱক যুটীয়া সম্পাদক; শ্ৰী সুদীপ দে, শ্ৰী ৰাতুল চৌধুৰী আৰু শ্ৰী মনিৰ আহমেদক প্ৰচাৰ সম্পাদক; শ্ৰী ভৱ গগৈ, শ্ৰী দীপক ডেকা আৰু শ্ৰী অঞ্জন বুজৰবৰুৱাক সাংগঠনিক সম্পাদক; শ্ৰী শুভ্ৰ গোস্বামীক কোষাধ্যক্ষ, শ্ৰী সুৰেশ কুমাৰ ৰাণী পালক কাৰ্যালয় সম্পাদক আৰু সন্থাসমূহৰ নিৰ্বাচিত সকলো বিষয়-ববীয়া, সদস্য, সদস্যাক মহাসংঘৰ কাৰ্যনিৰ্বাহক সদস্য/ সদস্যা হিচাপে সদনে নিৰ্বাচিত কৰে।

বৰ্তমানৰ চৰকাৰৰ ওপৰত মহাসংঘ আস্থাশীল হৈ সচিবালয়ৰ চৰকাৰী স্থায়ী কৰ্মচাৰী সমাজৰ ন্যাৰ্য দাবীবোৰ চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰি তাৰ ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি গভীৰ আশাবাদী বুলি অসম সচিবালয় চৰকাৰী কৰ্মচাৰী মহাসংঘৰ সভাপতি শ্ৰীযুত প্ৰদীপ গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰীযুত পাৰ্থ হাজৰিকাই এই প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে ।