নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰিবলৈ যোৱা পথত আৰক্ষীয়ে আটক কৰিলে ডিব্ৰুগড় যুবকক
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – যোৱা মাহ জোৰাকৈ ডিব্ৰুগড় গৰুধৰিয়া যুৱক টুলটুল বাগলাৰীক যোগাযোগ কৰিছিল ফোন যোগে কোনো বহিঃ ৰাষ্ট্ৰীয় নম্বৰৰ পৰা অজ্ঞাত ব্যক্তিয়ে। বাৰে বাৰে যোগাযোগ কৰি দিয়া হৈছিল সন্থাপন দিয়া প্ৰতিশ্ৰুতি। মাতি পঠিওৱা হৈছিল শিৱসাগৰলৈ। শিৱসাগৰ পোৱাৰ পাছতে ক’ত যাব লাগিব পৰৱৰ্তী সময়ত জানিব দিয়া হ’ব বুলি কোৱা হৈছিল টুলটুল বাগলাৰীক। যোৱা ১৩ অক্টোবৰত ডিব্ৰুগড় গৰুধৰিয়া গাঁৱৰ নিজ গৃহ পৰা ৰাওনা হৈছিল যুৱক জন শিৱসাগৰলৈ। অচিনাকি ফোনযোগে শিৱসাগৰৰ বাছ আস্থানৰ ওচৰত নামি পৰৱৰ্তী ফোনৰ বাবে অপেক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও শিৱসাগৰ গৈ পোৱাৰ লগে লগে সেই স্থানত ৰৈ থকা শিৱসাগৰৰ আৰক্ষীয়ে আটক কৰিলে টুলটুল বাগলাৰীৰ লগতে কুলদীপ গগৈ নামৰ ডিব্ৰুগড় খোৱাং অঞ্চলৰ অন্য এজন যুৱক। ইফালে আৰক্ষীয়ে যুৱক দুজনৰ পৰা জব্দ কৰা ফোনৰ পৰা পোহৰলৈ আহিছে বহু তথ্য। শিৱসাগৰৰ আৰক্ষীয়ে দীঘলীয়া সময় জেৰা কৰা পাছতে ডিব্ৰুগড়ৰ যুৱক টুলটুল বাগলাৰী দিশত বৰ্তমানৰ বৰবৰুৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ইফালে সন্দেহ কৰা হৈছে কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদানৰ বাবে যুৱক কেইজন ৰাওনা হৈছিল বুলি। ইফালে যোৱা ২০ ছেপ্টেম্বৰত ডিব্ৰুগড় লালমাটি তিনিচুকীয়া গাওঁৰ পৰা নিৰুদ্দেশ হৈছিল সুমন, ধনঞ্জয় আৰু কমল সোণোৱাল নামৰ তিনি যুৱক। যি দিশত অব্যাহত আছে ডিব্ৰুগড় আৰক্ষী তদন্ত ।