নিয়ৰ সিক্ত শেৱালী – ময়ূৰাক্ষী গগৈ

PC - Wikipedia

নিয়ৰ সিক্ত শেৱালী

কাৰ বাবে সাঁচি থোৱা
তোমাৰ এই মোহনীয় ৰূপ।
স্নিগ্ধ জোনাক নিশা
শুভ্ৰ সাজেৰে
তুমি যে সৰগৰ পৰী।
তুমি সৌন্দৰ্যৰ আকৰ,
তোমাৰ সৌন্দৰ্য পান কৰিবলৈ
ব্যাকুলতাৰ সীমা নাই।
কিন্তু ?
তোমাৰ যে ইমান অভিমান!
তোমাৰ সৌন্দৰ্যৰ সুধা
পান কৰাৰ আগতেই,
মৰহি শুই পৰা
দুবৰিৰ দলিচাত ।
ইমান নিৰবে
সৌন্দৰ্যৰ সফুঁৰা বিলোৱা,
তোমাৰ এই নিৰৱতাতেই
লুকাই আছে
সমস্ত বিৰহ-বেদনা।

ময়ূৰাক্ষী গগৈ