নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ নিয়মীয়া ৮,০০০ শিক্ষকৰ পদ বিলুপ্তি কৰা হৈছে

Pc MSN

নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ নিয়মীয়া ৮,০০০টা শিক্ষকৰ পদ বিলুপ্তি কৰা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষা বিভাগৰ এক নির্দেশনাত এই পদসমূহ বিলুপ্তি কৰাৰ কথা জানিব পৰা গৈছে।বিত্তীয় সংকটৰ দোহাই দি ২০২০ চনৰ ২৬ মে’ত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত মতে, নিয়মীয়া এই খালী পদসমূহত নিযুক্তি দিয়াৰ পৰিৱৰ্তে ৰিজাৰ্ভ কৰি ৰখা হৈছিল।উল্লেখযোগ্য যে ২০২০ চনত সেই সময়ত ষ্টেট পুল শিক্ষকসকলক নিয়মীয়াকৈ দৰমহা ২ দিয়াৰ বাবে নিম্ন প্রাথমিক ৰা বিদ্যালয়ৰ ৪,২৮৫টা আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫টা মুঠ ৮,০০০টা নিয়মীয়া খালী শিক্ষকৰ পদত নিযুক্তিৰ পৰিৱৰ্তে বিত্তীয় অৱস্থা ভাল হ’লে নিযুক্তি দিবলৈ ৰিজাৰ্ভ কৰি ৰখা হৈছিল।ৰিজাৰ্ভ হৈ থকা এই খালী পদসমূহত ষ্টেট পুল বা ঠিকাভিত্তিক টে’ট শিক্ষকক নিয়মীয়া হিচাপে নিযুক্ত কৰাৰ পৰিৱৰ্তে পদসমূহ বিলোপ সাধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে।শিক্ষা বিভাগে মহাগাণনিকলৈ লিখা এখন পত্ৰত বৃহৎসংখ্যক নিয়মীয়া শিক্ষকৰ পদ বিলোপ হোৱাৰ তথ্য ফাদিল হৈছে।অর্থাৎ এই ৮,০০০ নিয়মীয়া শিক্ষকৰ পদত ঠিকাভিত্তিক টেট বা ষ্টেট পুলৰ শিক্ষকক নিযুক্ত কৰাই নহয় নতুন নিবনুৱাকো নিযুক্তিৰ পথ আজিৰ পৰা চিৰদিনলৈ ৰুদ্ধ হৈ পৰিল ।