নন্দিতা শইকীয়াৰ হত্যাকাণ্ডক ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী, অসম জনজাতীয় ছাত্ৰ সন্থা চমুকৈ(আটছুৰ)

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডক ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী, অসম জনজাতীয় ছাত্ৰ সন্থা চমুকৈ(আটছুৰ) ধেমাজী জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় আটছু, সদৌ অসম জনজাতীয় ছাত্ৰ সন্থাৰ উদ্যোগত, মানৱৰূপী দানৱ ৰিণ্টু শৰ্মাই বৰ্বৰভাৱে যোৱা ২১ আগষ্ট তাৰিখ, শনিবাৰে ধেমাজী মৰিধন মহাবিদ্যালয়ৰ পৰা দুগৰাকীকৈ ছাত্ৰী পৰিক্ষা দি ঘৰলৈ উভতা অৱস্থাত নন্দিতা শইকীয়া নামৰ প্ৰতিভাৱান ছাত্ৰী গৰাকীক দুৰ্বৃত্ত ৰিণ্টু শৰ্মাই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি নিৰ্মমভাৱে কৰা হত্যাকাণ্ডই মানৱ সমাজক লজ্জিত কৰা এক ঘৃণনীয় কাণ্ড। যি হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।। “আৰু তেনে হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰিণ্টু শৰ্মাক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিছাৰ কৰি ফাঁ‌চী দিয়াৰ দাবী জনোৱাৰ লগতে অসমত সঘনে সংঘটিত হৈ থকা ছাত্ৰ-ছাত্ৰী,কিশোৰী নিৰ্যাতন, হত্যাকাণ্ড,ইত্যাদি নিৰ্মূল কৰাৰ আহ্বানত কেইটামান দাবীৰে কেন্দ্ৰীয় জনজাতীয় ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজী জিলা উপায়ুক্তৰ জৰিয়তে ইং ২৬-০৮-২০২১ তাৰিখে, অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান। ‘”উল্লেখ্য যে দাবী (১)উক্ত নাৰকীয় কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে। “”দাবী(২)সভ্য সমাজক লজ্জিত কৰা ঘৃণনীয় কাণ্ডৰ মূল অভিযুক্ত দুস্কৃতিকাৰী মানৱৰূপী দানৱ ৰিণ্টু শৰ্মাক ফাষ্টট্ৰেকৰ জৰিয়তে বিচাৰ কৰি ফাঁ‌চী দিয়াৰ দাবী। “”দাবী(৩)উচ্চ নাৰকীয় কাণ্ডত হত্যাৰ বলি হোৱা দুৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে চৰকাৰী সংস্থাপন দিয়াৰ লগতে ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী। “”দাবী(৪)এনে ঘৃণনীয় কাণ্ড যাতে অসমত পুনৰাবৃত্তি নঘটে তাৰকাৰণে চৰকাৰ আৰু প্ৰশাসনক অধিক কঠোৰ হ’বলৈ আহ্বান জনোৱাৰ লগতে উল্লেখিত দাবীসমূহ নিৰ্দ্ধাৰিত সময় ৩ মাহৰ ভিতৰত কাৰ্যকৰী নহ’লে অথবা কাৰ্যকৰী গ্ৰহণত হেমাহি হলে নন্দিতা শইকীয়াৰ উচিত ন্যায়ৰ বাবে সদৌ অসম জনজাতীয় ছাত্ৰ সন্থাই গণতান্ত্ৰিক ভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ কথা প্ৰকাশ কৰে।।

ধেমাজীৰ পৰা দেব কুমাৰ পেগুৰ সহযোগত, ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন