উত্তৰ-পূবে এক হৈ কাম কৰিলেহে ভাৰতৰ্বষৰ দ্ৰুত অর্থনৈতিক বিকাশ সম্ভৱ: সৰ্বানন্দ সোণোৱাল

pc-Times8 News

উত্তৰ-পূবে এক হৈ কাম কৰিলেহে ভাৰতৰ্বষৰ দ্ৰুত অর্থনৈতিক বিকাশ সম্ভৱ: সৰ্বানন্দ সোণোৱাল

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰি কয় যে উত্তৰ-পূবে এক হৈ কাম কৰিলেহে ভাৰতৰ্বষৰ দ্ৰুত অর্থনৈতিক বিকাশ সম্ভৱ হ’ব; সমান্তৰালভাৱে উত্তৰ-পূবে উন্নয়নৰ নতুন ইঞ্জিনৰূপে কাম কৰিব পাৰিব আৰু কেৱল উত্তৰ পূবেই নহয়, দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাবলৈ সক্ষম হ’ব। জলপথৰ জৰিয়তে কিদৰে উত্তৰ-পূবৰ বিকাশত নতুনত্ব প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ সন্মিলন। খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ-পূবে বিকাশৰ নতুন গতি লাভ কৰিছে। কংগ্ৰেছৰ শাসনকালত সকলোতকৈ অৱহেলিত স্থানৰূপে পৰিগণিত হৈছিল উত্তৰ-পূৰ্বাঞ্চল। কিন্তু ২০১৪ চনত প্ৰধানমন্ত্রী মোডীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে পৰিৱৰ্তন সম্ভৱ হৈছে। ব্ৰিটিছৰ শাসনকালতে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ দেশৰ জি ডি পিতকৈ ৬ শতাংশ অধিক আছিল। ইয়াৰ প্ৰধান কাৰকেই হৈছে জলপথৰ উচিত ব্যৱহাৰ। জলপথেৰে ব্যৱসায়-বাণিজ্য কৰাৰ বাবেই অসমে স্বাধীনোত্তৰ সময়তে দ্রুত অর্থনৈতিক বিকাশ লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত উত্তৰ-পূবৰ প্ৰতি অৱহেলাৰ দৃষ্টিভংগী প্ৰদান কৰাত ক্ৰমশঃ এই জলপৰিবহণ ব্যৱস্থা বন্ধ হৈ পৰিছিল। ব্ৰিটিছৰ সময়তে অসমৰ পৰা জলপথেৰে যোৱা সামগ্রী আন আন দেশত বিক্ৰী কৰিব পাৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ এই জলপথ উন্নয়নৰ কাম হাতত লৈছে। ইতিমধ্যে বাংলাদেশৰ সৈতেও চুক্তি স্বাক্ষৰ কৰিছে প্রধানমন্ত্ৰীয়ে। অসমৰ জলপথ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে উন্নয়ন কৰিবই বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি সোণোৱালে ৰপ্তানিকাৰী কোম্পানীসমূহক সম্পদ আৰু সম্ভাৱনীয়তা পোহৰলৈ আনিবলৈ আহ্বান জনায়৷ জলপথ সুচল হোৱাৰ পাছতে যাতে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত সামগ্রী দেশ-বিদেশত বিক্রী – কৰিব পাৰি সেই সন্দৰ্ভত আজি সন্মিলনত অংশগ্ৰহণ কৰা কেইবাটাও ৰপ্তানিকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গক ইয়াৰ সম্ভাৱনীয়তা সন্দৰ্ভত জৰীপ কৰিবলৈ আহ্বান জনায়।

 

(UD)