চার্টার্ড একাউনটেণ্টৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি

pc- The Sentinel Assam

চার্টার্ড একাউনটেণ্টৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি

অনলাইন বাৰ্ত্তাসেৱা- আই চি এ আইৰ গুৱাহাটী শাখাৰ উদ্যোগত ভাৰ্চ্যুয়েল মোডত ২৫ আগষ্টৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চার্টার্ড একাউনটেণ্টৰ ৰাষ্ট্ৰীয় সন্মিলনখন  সামৰণি পৰে। সন্মিলনীত সাংসদ সুৰেশ প্রভু, ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৱ মণ্ডলৰ মহাপ্ৰবন্ধক সুৰঞ্জনা দত্ত, আই চি এ আইৰ অধ্যক্ষ চিএ নিহাৰ এন জম্বুছৰিয়া, আই চি এ আইৰ উপাধ্যক্ষ চি এ ড° দেবাশীষ মিত্ৰ আৰু কেন্দ্ৰীয় পৰিষদ আৰু ক্ষেত্ৰীয় পৰিষদৰ সদস্যসকল আৰু আয়োজক সমিতিৰ পৰিচালনা সমিতিৰ সদস্যসকল এই ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকে। এই সন্মিলনৰ নিৰ্ধাৰিত বিষয় সন্দৰ্ভত চি এ বৃত্তিধাৰীসকলৰ পৰিৱৰ্তিত কাৰ্যপন্থা সম্পর্কে আলোচনা কৰা হয়। চাৰি সদস্যৰ পেনেলত দেশৰ প্রখ্যাত চার্টার্ড একাউনন্টেটসকলে অংশগ্ৰহণ কৰে। নতুন দিল্লীৰ চি এ সঞ্জীৱ চৌধুৰীয়ে আচৰণ বিধি, বৃত্তিটোক প্ৰভাৱিত কৰিব পৰা কাৰকসমূহৰ ওপৰত এক বক্তৃতা প্ৰদান কৰে। দ্বিতীয় দিনৰ কাৰ্যসূচীত কোম্পানী অধিনিয়ম, ২০১৩ৰ শেহতীয়া সংশোধনৰ লগতে ভাৰতত আয়কৰ অধিনিয়ম সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহত কোম্পানী অধিনিয়ম, ২০১৩ বিশেষজ্ঞ চি এ নীলেশ বিকমছে আৰু আয়কৰ অধিনিয়মৰ বিশেষজ্ঞ চি এ বেদ জৈন আৰু ড° ৰবি গুপ্তাই অংশগ্ৰহণ কৰে। সন্মিলনৰ তৃতীয় দিনা ইন্দোৰৰ চি এ মনোজ ফডনীছে হিচাপ আৰু হিচাপ পৰীক্ষা সন্দৰ্ভত ভাষণ দিয়ে। বেংগলুৰুৰ চি এ যতীন ক্ৰিষ্টোফাৰ আৰু জয়পুৰৰ চি এ যতীন হৰজাই উক্ত বিষয়ত আলোচনা কৰে৷ সন্মিলনৰ মিডিয়া আৰু প্ৰচাৰ সমিতিৰ অধ্যক্ষ চি এ স্বাতি তেজাৱতে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।

(RT)