গোসাঁনী নামৰ চৰ্চাৰে উজ্বলিছে ৰুমা গোস্বামী –  অঞ্জু শাণ্ডিল্য

pc-Freepik

গোসাঁনী নামৰ চৰ্চাৰে উজ্বলিছে ৰুমা গোস্বামী       

                        অঞ্জু শাণ্ডিল্য

২০১৫ বৰ্ষত ‘ৰং’ চেনেলে ২৩ মাৰ্চৰ পৰা এপ্ৰিল মাহলৈকে ‘বহাগতে পাতি যাওঁ বিয়া’ শীৰ্ষক এক অনুষ্ঠানত বিয়ানাম সম্প্ৰচাৰ কৰিছিল। অসমীয়া লোক সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনত ‘বিবাহ’ আৰু ‘বিয়ানাম’ৰ এক সুকীয়া স্থান আছে, ছন্দ, ভাৱ-ভাষা, কাব্যিক সৌন্দৰ্যৰ ভৰপূৰ বিয়ানাম সমূহৰ লগতে থুলমূলকৈ বিয়া,পৰম্পৰা, ৰীতি-নীতি আদিক ‘ৰং’ চেনেলে মনপৰশা ৰূপত ‘বহাগতে পাতি যাওঁ বিয়া’ অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰিছিল। উজনি-নামনিকে ধৰি সমগ্ৰ অসমত প্ৰচলিত বিয়ানামবোৰে অসমীয়া লোকসাহিত্যৰ ভঁৰাল চহকী কৰিছে। বিয়াৰ বিভিন্ন কাৰ্যসূচী(পৰ্ব)ত ভিন্ন ভিন্ন বিয়ানাম গোৱা হয়। এই বিয়ানামৰ যোগেদিয়েই ভগৱান, দেৱ-দেৱীৰ আশীষ বিচৰা, স্ত্ততি-প্ৰাৰ্থনাও কৰা হয়। লুপ্তপ্ৰায় হʼবলৈ ধৰা বহু গীতি-সাহিত্যৰ দৰে বিয়ানামো লুপ্ত হʼবলৈ ধৰা পৰিস্থিতিত ‘ৰং’ চেনেলৰ এই প্ৰচেষ্টাক সকলোৱে আদৰণি জনায়। বিয়া এখনৰ ৰীত-নীতি, পৰম্পৰা, লোকচাৰ আদি এৰাই চলিব নোৱাৰি। এইবোৰো ‘বহাগতে পাতি যাওঁ বিয়া’ত সংক্ষিপ্ত ৰূপত প্ৰৰ্দশন কৰা হৈছিল। বিশেষকৈ ‘পানীতোলাʼ পৰ্বত পানীতোলাৰ দৃশ্য অতি স্বাভাৱিক ৰূপত তুলি ধৰি, প্ৰাকৃতিক পৰিৱেশৰ মাজত, কলগছ, বাঁহগছ, পুখুৰীৰ কাঠ-বাঁহৰ দলং, হাঁহৰ জনকেলি, ঢুলীয়াৰ ঢোলবাদন আদি গ্ৰাম্য পৰিৱেশত যি বৰ্হিদৃশ্য গ্ৰহণ কৰা হৈছিল, সেয়াও প্ৰশংসনীয়। এই ‘পানীতোলাʼ পৰ্বত ৭৯ খণ্ডত পশ্চিম যোৰহাটৰ ঢাপকটা বৰসত্ৰৰ ৰুমা গোস্বামীৰ দলে যি বিয়ানাম গাইছিল আৰু পানীতোলা কাৰ্যত যি নীতি-নিয়ম,পৰম্পৰা প্ৰদৰ্শন কৰিছিল, সেয়া আজিও সকলোৰে মুখে মুখে চৰ্চিত হৈ আছে। ৰুমা গোস্বামীৰ সেই বিয়ানামৰ সুৰত গোসাঁনী নামৰ সুৰো সংযোজিত হৈছিল। হʼবই, নহবনো কিয়, ২০১৩বৰ্ষতে ৰুমা গোস্বামীৰ একক কন্ঠৰ ৯টা গোসাঁনী নামৰে এটি শ্ৰব্য সংকলন মুক্তিলাভ কৰিছিল। আধুনিক গীত, বৰগীত, লোকগীতৰ শিল্পী ৰুমা গোস্বামীৰ ‘মা অম্বিকা’ শীৰ্ষক গোসাঁনী নামৰ সংকলনটি মুক্তিলাভৰ লগে লগেই অভূতপূৰ্ব সফলতাৰ লাভ কৰে। শাৰদীয় বতৰত অসমৰ ভিন্ন প্ৰান্তত পূজা মণ্ডপত এই সংকলনটিৰ নাম সমূহ ৰজনজনাই উঠে।  ডিব্ৰুগড়ৰ জীয়ৰী ৰুমা গোস্বামীয়ে ঘৰখনত সৰুৰে পৰাই নামগুনৰ পৰিৱেশ পাইছিল। ঢাপকটা বৰসত্ৰৰ অসীম কুমাৰ গোস্বামীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সত্ৰতো এই পৰিৱেশ লাভ কৰে। সত্ৰৰ ৰাস, ফাঁকুৱা, জনষ্টমী, নন্দোৎসৱ, শ্ৰী শ্ৰীমহাবিষ্ণু যজ্ঞ, মন্দিৰৰ যজ্ঞ, সৰস্বতী পূজা, মন্দিৰৰ প্ৰতি বৃহস্পতিবাৰ আৰু পূৰ্ণিমা তিথিৰ নামত অংশগ্ৰহণ কৰে। ‘ৰং’ চেনেল যোগে প্ৰথমবাৰ বিয়ানাম পৰিৱেশন কৰাৰ পাছত যোৰহাট চিটি চেনেলতো নাম গুন পৰিৱেশন কৰে। ঢাপকটা বৰসত্ৰৰ মহিলা সকলৰ এটি দল লৈ আকাশবাণী যোৰহাট, ডিব্ৰুগড়তো গোসাঁনী নাম পৰিৱেশন কৰে। গোসাঁনী নামৰ প্ৰতিযোগিতাতো ৰুমা গোস্বামীৰ নেতৃত্বত দলটিয়ে বৃহত্তৰ যোৰহাট অঞ্চলত পুৰষ্কাৰ, সুনাম অৰ্জন কৰিছে। ২০১৮ বৰ্ষত প্ৰাগ চেনেলত মহালয়া উপলক্ষে ৰুমা গোস্বামীয়ে কবিতা গোস্বামী, মালা গোস্বামী, আৰতি গোস্বামী, উষা গোস্বামী, দেবী গোস্বামী, বীনা দেবী, অলকা আচাৰ্যক লগত লৈ গোসাঁনী নাম পৰিৱেশন কৰে। এই বৰ্ষতো প্ৰাগ চেনেলত শাৰদীয় বতৰত গোসাঁনী নাম পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰে। আগৰ সাত গৰাকীৰ সৈতে আৰু চাৰিগৰাকী মহিলাই অংশ গ্ৰহণ কৰে- পৰিস্মিতা ভট্টাচাৰ্য, প্ৰাঞ্জলি ভট্টাচাৰ্য, কাকুমণি দেবী আৰু সুৰভি গোস্বামী। ৰুমা গোস্বামীৰ দলটিত কেবাগৰাকী নৱ-প্ৰজন্মৰ মহিলাই যোগদান কৰিছে। নৱ-প্ৰজন্মৰ অনেকেই গোসাঁনীনামৰ দৰে লুপ্ত প্ৰায় লোকসাহিত্য চৰ্চা নকৰাৰ বিপৰীতে ৰুমা গোস্বামীৰ এই গোসাঁনী নামৰ চৰ্চা প্ৰশংসনীয়। অসমীয়া লোক-সংস্কৃতিৰ ক্ষেত্ৰখনত গোঁসানী নামৰ এক সুকীয়া স্থান আছে। গোসাঁনী নামৰ কথা আৰু সুৰৰ আৰ্হিত অনেক বিয়ানাম, ভক্তিমূলক গীত-মাত আদিও সৃষ্টি হৈছে। লুপ্ত হʼবলৈ ধৰা বহু গীতি-সাহিত্যৰদৰে কিছুমান গোসাঁনী নামো লুপ্ত হʼবলৈ ধৰিছে। এনে পৰিস্থিতিত ৰুমা গোস্বামীয়ে পূৰ্বৰ গোসাঁনী নামৰ সুৰৰ আধাৰত নকৈ কিছু গোসাঁনী নামো সৃষ্টি কৰিছে। ‘নামাঞ্জলি’ত থকা গোসাঁনী নামৰ সুৰ আৰু কথাৰে নাম সজাই নতুন চমক দিছে। নৱ প্ৰজন্মৰ মহিলাসকলক গোসাঁনী নামৰ প্ৰতি আকৰ্ষিত কৰাটো ৰুমা গোস্বামীৰ এক কৃতিত্ব আৰু সফলতা বুলি কʼব পাৰি।