নগালেণ্ড মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পদ্মশ্ৰী ড০ টেমছুলা আওৰ মৃত্যু

নগালেণ্ড মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পদ্মশ্ৰী ড০ টেমছুলা আওৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে নিশা নগালেণ্ড মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পদ্মশ্ৰী ড০ টেমছুলা আওৱে ডিমাপুৰত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ২০০৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল, তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “ড০ টেমছুলা আওৰ মৃত্যুত অত্যন্ত দুখ পাইছোঁ । তেওঁ নিজৰ সাহিত্য ৰচনাৰ জৰিয়তে নগা সংস্কৃতিক জনপ্ৰিয় কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা উল্লেখযোগ্য আছিল । পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ । তেওঁৰ আত্মাই শান্তি লাভ কৰক।’ ড০ টেমছুলা আও ৰাজ্যপালৰ সোণৰ পদক (মেঘালয় ২০০৯) আৰু সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল।