নগাঁৱত ৫০হাজাৰৰো অধিক নাগৰিকক কʼভিশ্বিল্ডৰ প্ৰথম-দ্বিতীয় পালি টিকা প্ৰদান অভিযান

Pc- Hindustan Times

নগাঁৱত ৫০হাজাৰৰো অধিক নাগৰিকক কʼভিশ্বিল্ডৰ প্ৰথম-দ্বিতীয় পালি টিকা প্ৰদান অভিযান

অনলাইন বাৰ্ত্তাসেৱা- জিলা প্ৰশাসন ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে নগাঁও জিলাত কʼভিডৰ ‘মেগা টিকাকৰণ অভিযান’ৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে। এই অভিযানৰ জৰিয়তে নগাঁও জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগে জিলাখনৰ ৫০ হাজাৰৰো অধিক নাগৰিকক কʼভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় পালি টিকা প্ৰদানৰ লক্ষ্য হাতত লৈছে। এই অনুসৰি, জিলাখনত ২২৭ কেন্দ্ৰত ৫০ হাজাৰৰো অধিক নাগৰিকক টিকাকৰণৰ ব্যৱস্থা কৰিছে। জিলাখনৰ যোগ্য নাগৰিকসকলে ২ অক্টোবৰত হʼবলগীয়া ‘মেগা টিকাকৰণ অভিযানʼৰ কেন্দ্ৰসমূহত পুৱা ৯.৩০ বজাৰ পৰা কʼভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় পালি টিকা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্রশাসনে আহ্বান জনাইছে ।