ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাটো উদ্বেগজনক

ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাটো উদ্বেগজনক

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই বিভিন্ন সময়ত সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২১ আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ প্ৰসংগত ধৰ্মীয় মেৰুকৰণেৰে সাংবাদিকগৰাকীক লক্ষ্য কৰি লোৱাতো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টি গোচৰ হৈছে।মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যত উদ্বেগ প্ৰকাশ কৰা হৈছে। ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি যাতে নকৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাক আহ্বান জনায় গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী,সম্পাদক সঞ্জয় ৰয়ে৷