ধীৰেনপাৰা উজ্জ্বলনগৰত কালী পূজাৰ সোণালী জয়ন্তীৰ সামৰণি

PC - Aaj Tak Bangla

ধীৰেনপাৰা উজ্জ্বলনগৰত কালী পূজাৰ সোণালী জয়ন্তীৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাৰ উজ্জ্বলনগৰস্থিত সাৰ্বজনীন শ্ৰীশ্ৰী কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত দেও আৰু সোমবাৰে কালী মন্দিৰ প্ৰাংগণত সোণালী জয়ন্তী বৰ্ষ দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি ধীৰেন ভট্টাচাৰ্যই,বৃক্ষৰোপন কৰে প্ৰাক্তন পাৰিষদ দেৱজিৎ ৰাজবংশী,আৰু কাৰ্যকৰী সভাপতি ৰমেশ চন্দ্ৰ শৰ্মাই,খেল-ধেমালিৰ মুখ্য তত্বাৱধায়ক পৰেশ কলিতাই আঁত ধৰা ধৰ্মালোচনা সভাত সঞ্চালনা কৰে সভাপতি ধীৰেন ভট্টাচাৰ্যই,নিৰ্দ্দিষ্ট বক্তা হিচাপে কে চি দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হষীকেশ বৰুৱা,বিশিষ্ট অতিথি হিচাপে আৰ জি বৰুৱা কলেজৰ অধ্যাপক ড° দীপক পাঠক,সাহিত্যিক পেন্সনাৰ অশ্বিনী বেজবৰুৱাই ভাষণ দিয়ে ৷ সভাত ‘দিগম্বৰী’ স্মৃতিগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে ৷ শলাগৰ শৰাই আগবঢ়াই সম্পাদক অৰূপ কলিতাই৷সন্ধিয়াৰ ভাগত দীপ প্ৰজ্বলন কৰে মন্দিৰ পৰিচালিকা মাইকন আচাৰ্যীয়ে ৷ প্ৰায় ৩৪ জন স্থানীয় বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনায় প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে ৷ সম্পাদক অৰূপ কলিতাই আঁত ধৰা সভাত মন্দিৰৰ সৈতে একাত্ম প্ৰদৰ্শন কৰা প্ৰয়াতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানত তৰ্পন কৰে সভাপতি ধীৰেন ভট্টাচাৰ্যই ৷সোমবাৰে পুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে ১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীয়ে,খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়াই,মহিলাৰ পানী তোলা শোভাযাত্ৰা শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যা জুবলী পোদ্দাৰে,সন্ধিয়া বন্তি প্ৰজ্বলন কৰে অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তই ৷ নিশাৰ ভাগত দেৱী পূজাৰ শুভাৰম্ভ,ঢোল বাদন,ওজাপালি প্ৰদৰ্শন,মহাশান্তি আৰু পুষ্পাঞ্জলি প্ৰদানেৰে সামৰণি মৰা হয় ৷