দৰঙত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা
মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ( আই এম আই) ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি উক্ত সভাত আই এম আই ৫.০ ৰ অধীনত জিলা খনত টীকাকৰণ কৰিবলগীয়া শিশুৰ সঠিক হিচাব, টীকাকৰণৰ ক্ষেত্ৰত স্পৰ্শকাতৰ অঞ্চলসমূহত ল’বলগীয়া উপযুক্ত ব্যৱস্থা, ইউ-উইন ( U-WIN) প্লেটফৰ্মত গৰ্ভৱতী মহিলা, টীকাকৰণ কৰিবলগীয়া শিশু বিষয়ক তথ্য সন্নিবিষ্টকৰণ আদিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । সভাত জিলাৰ উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে কয় যে জিলাখনত টীকাকৰণ কৰিবলগীয়া কোনো শিশুৱে যাতে বাদ পৰি নাযায় তাৰবাবে সংশ্লিষ্ট সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব । এনে জৰীপৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ, নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত জৰীপ আৰু টীকাকৰণৰ কাম সম্পন্ন, ইউ-উইন পৰ্টেলত সময় অনুসৰি সকলো তথ্য আপলোড কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু বিষয়াসকলক নিৰ্দেশ দিয়ে । ইয়াৰ বাবে প্ৰয়োজন অনুসৰি ইউ এন ডি পিৰ পৰা প্ৰশিক্ষক আমন্ত্ৰণ কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ লগতে কয় । সভাত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গোপাল শৰ্মা, যুটীয়া সঞ্চালক ডাঃ এন কে বেৰিয়াৰ লগতে জিলাখনৰ স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া, চিকিৎসক, সমাজ কল্যাণ, শ্ৰম আৰু নিয়োগ আদি কেইবাটাও বিভাগৰ মূৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে।