দ্বীপেন বৰুৱাক জীৱনজোৰা সাধনা বঁটা

দ্বীপেন বৰুৱাক জীৱনজোৰা সাধনা বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্রিয় বৈদ্যুতিন সংবাদ মাধ্যম নিউজ লাইভ’ৰ ১৭ বছৰীয়া গৌৰৱোজ্জ্বল বর্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি মহানগৰীৰ ৰেডিছন ব্লু হোটেলত আয়োজিত প্রাইড ইষ্ট কনক্লেভ ২০২৫ত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যপাল লক্ষ্মণ প্রসাদ  আচাৰ্যই অসমীয়া সাংগীতিক ক্ষেত্ৰখনৰ বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাক জীৱনজোৰা সাধনা বঁটা আৰু বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ অসমীয়া বঁটা প্ৰদান কৰে। বঁটা প্ৰদানৰ অন্তত নিজ ভাষণত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই গৌৰৱোজ্জ্বল এই যাত্ৰাৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাক উচ্চ প্রশংসা কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কয় যে উৎসর্গিত সাংবাদিকতাৰ ১৭ বছৰীয়া যাত্রা যথেষ্ট প্রত্যাহ্বানযুক্ত হোৱাৰ পাছত চিএমডি ৰিণিকি ভূঞা শৰ্মাৰ নেতৃত্বত প্রাইড ইষ্ট গ্রুপে সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।অসমৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ লগতে জনসাধাৰণৰ জীৱনলৈ ধনাত্মক দিশ আহিব পৰা ইছ্যুসমূহক সুন্দৰৰূপে প্ৰতিফলিত কৰিছে নিউজ লাইভে। প্ৰতিষ্ঠাৰ সময়ৰে পৰাই প্রাইড ইষ্ট গ্রুপে অসমৰ ঔদ্যোগিক আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি সন্তুষ্টি প্রকাশ কৰি ৰাজ্যপালগৰাকীয়ে সংবাদ গোষ্ঠীটোৱে ৰাজ্যৰ বিভিন্ন সামাজিক দিশ তথা সাক্ষৰতাৰ দিশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে উচ্চ প্রশংসা কৰে। প্রাইড ইষ্ট গ্রুপে নিজৰ বিভিন্ন চেনেল তথা প্রকাশনৰ জৰিয়তে অসমৰ সাংবাদিকতাক এক নতুন শক্তি প্ৰদান কৰাৰ লগতে এটা সুস্থ সামাজিক বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। সম্প্রতি দক্ষিণ-পূব এছিয়াৰ সৈতে সংলগ্ন হৈ থকা অসম এটা বৃহৎ অর্থনীতিৰ পিনে ধাৱমান হৈছে বুলি মন্তব্য কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কুশল প্রশাসনত অসমে উল্লেখনীয় প্রগতি এতিয়া লাভ কৰিছে। ইপিনে, অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়াই প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই ৰাজ্যবাসীৰ মনৰ কথা প্রতিফলিত কৰাই একমাত্র লক্ষ্য বুলি মন্তব্য কৰে। ৰিণিকি ভূঞা শৰ্মাই কয় যে বহু প্রত্যাহান আমি পাৰ কৰি আহিছোঁ। তাৰ মাজতো গৌৰৱেৰে আজিৰ অৱস্থাত প্রাইড ইষ্ট গ্রুপে থিয় দিবলৈ সক্ষম হৈছে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যাক প্রতিফলিত কৰাৰ চেষ্টা আমি কৰিছোঁ। উল্লেখ্য যে এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ বেনাৰত সংযোজিত হয় উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা বাংলা ভাষাৰ নতুন বৈদ্যুতিন মাধ্যম ‘নিউজ লাইভ বাংলা’। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু আধ্যাত্মিক গুৰু সদগুৰু জগদীশ বাসুদেৱে নতুন চেনেলটোৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই কয় যে অসমত বসবাস কৰা বাংলাভাষী লোক তথা বৰাক উপত্যকাৰ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা নতুনকৈ আমি ‘নিউজ লাইভ বাংলা’ আৰম্ভ কৰিম। নতুন চেনেলটোৱে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। ইপিনে, অনুষ্ঠানটোত জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত হোৱা বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাই ‘নিউজ লাইভ’ক নিজৰ অন্যতম প্রিয় চেনেল বুলি কয়। ২০০৭ চনৰ পৰা ‘নিউজ লাইভ’ত বহু অনুষ্ঠান পৰিৱেশন কৰা বুলি মন্তব্য কৃৰি শিল্পীগৰাকীয়ে নিজৰ সাংগীতিক যাত্ৰাৰ আৰম্ভণিৰ কিছু কথাও প্রকাশ কৰে। তেওঁ কয় যে ১৯৬৮ত বোলছবিত প্রথম গীত গাইছিল। গান গাবলৈ কোনোৱে প্ৰেৰণা যোগোৱা নাছিল যদিও ৰেডিঅ’ত মহম্মদ ৰফীকে আদি কৰি বিভিন্ন বিশিষ্ট শিল্পীসকলৰ গীত শুনিয়ে গানবোৰ আওৰাইছিলোঁ। শিল্পীগৰাকীয়ে নিজৰ চমু বক্তব্যৰ মাজতে এটি সুন্দৰ গীতৰ কলিও গুণগুণায়। শিল্পীগৰাকীক বঁটাটোৰ সৈতে এটা টুফী, প্রশস্তি-পত্ৰ, চেলেং চাদৰ, শৰাই আৰু নগদ তিনি লাখ টকাৰ চেক প্রদান কৰা হয়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীলৈ ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ অসমীয়াৰ সন্মান আগবঢ়োৱা হয়। বঁটাটো গ্রহণ কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডক কৃতজ্ঞতা প্রকাশ কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে ‘নিউজ লাইভ’ৰ ১৭ বছৰীয়া বর্ষপূর্তি তথা নর্থ-ইষ্ট লাইভৰ সপ্তম বার্ষিকীৰ শুভেচ্ছাও জ্ঞাপন কৰে। তেওঁ কয় যে অসমীয়া ভাষাটোৱে মোক দেশ-বিদেশত এক পৰিচয় দিছে। ভাষাটো মোৰ লগত থকা মানে মই যেন মোৰ মাতৃক লগত লৈ ঘূৰি ফুৰিছোঁ তেনে অনুভৱ হয়। দেশ-বিদেশত এতিয়ালৈকে যিখিনি স্বীকৃতি পাইছোঁ সেয়া মোৰ নহয়, মোৰ ভাষা আৰু জাতিটোৰ বাবে সম্মান। উক্ত দিনটো মোৰ বাবে অতি স্মৰণীয় হৈ ৰ’ব। বিশিষ্ট সাহিত্যিকগৰাকীয়ে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাক অভিনন্দন জ্ঞাপন কৰে। বিশিষ্ট সাহিত্যিকগৰাকীক বঁটাটোৰ সৈতে এটা ট্রফী, প্রশস্তি-পত্র, চেলেং চাদৰ আৰু নগদ দুই লাখ টকাৰ চেক প্রদান কৰা হয়।বর্ণিল অনুষ্ঠানটোৰ পাছতে আধ্যাত্মিক গুৰু সদগুৰু জগদীশ বাসুদেৱৰ সৈতে এটি অন্তৰংগ আলাপৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।