দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত নিৰ্মাণ কৰা অসম আৰক্ষীৰ সন্মিলন কেন্দ্ৰ মুকলি কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে

Pc Facebook

দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত নিৰ্মাণ কৰা অসম আৰক্ষীৰ সন্মিলন কেন্দ্ৰ মুকলি কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে

ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাজ্যখনৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰাংগণত নিৰ্মাণ কৰা অসম আৰক্ষীৰ সন্মিলন কেন্দ্ৰৰ উদ্বোধন কৰে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে৷ অসম আৰক্ষীৰ বিষয়াসকলক কেইবাটাও পৰামৰ্শ আগবঢ়ায় গৃহমন্ত্ৰীগৰাকীয়ে । বিশেষকৈ অসম আৰক্ষীৰ কামকাজসমূহ নাগৰিককেন্দ্ৰিক হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।ড্ৰাগছ মুক্ত অসম , উগ্ৰপন্থীৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শনৰ লগতে কেইবাটাও বিষয়ৰ ওপৰত গৃহমন্ত্ৰীগৰাকীয়ে আৰক্ষী বিষয়াসকললৈ পৰামৰ্শ আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ উদ্বোধনী অনুষ্ঠানৰ পাছতে তৃতীয় অসম আৰক্ষীৰ অধীক্ষক সন্মিলনখন নৱনিৰ্মিত সন্মিলন কেন্দ্ৰটোৰ কনফাৰেন্স হলত অনুষ্ঠিত হয়৷ আৰক্ষী অধীক্ষক সন্মিলনখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷