দেশৰ সকলো প্ৰান্তলৈ এশ শতাংশৰে দেশীয় বিমান চলোৱাৰ সিদ্ধান্ত

pc India.cpm

দেশৰ সকলো প্ৰান্তলৈ এশ শতাংশৰে দেশীয় বিমান চলোৱাৰ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা – দেশৰ সকলো প্ৰান্তলৈ বিমান সেৱা পুনৰ স্বাভাৱিক ৰূপত চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানত যাত্ৰীৰ আসনৰ ক্ষমতাক লৈ কোনো নিষেধাজ্ঞা নথকাক লৈ বিমান সেৱা আৰম্ভ হ’ব ১৮ অক্টোবৰৰ পৰা। বর্তমান ৮৫ শতাংশ যাত্ৰীৰে দেশীয় বিমান সেৱা চলি আছে বুলি প্রকাশ কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। অৱশ্যে ভ্ৰমণৰ সময়ছোৱাত যাত্ৰীসকলে ক’ভিড-১৯ প্ৰট’কল মানি চলিব লাগিব বুলিও মন্ত্ৰালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে। বিমান যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ অন্তত এশ শতাংশৰে দেশীয় বিমান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।