শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ আৱিৰ্ভাৱ মহোৎসৱ

Pc- Jitu Das Blog

শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ আৱিৰ্ভাৱ মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো ১৪ আৰু ১৫ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালনৰ আয়োজন কৰা হৈছে৷কাৰ্যসূচী অনুসৰি ১৪ অক্টোবৰত সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন,মুখপত্ৰ ‘শিৰোমণি’ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক কিশোৰী মোহন পাঠকে,নিত্য প্ৰসংগ,ভাগৱত স্থাপন অনুষ্ঠিত হ’ব৷১৫ অক্টোবৰত পুৱাৰ ভাগত আইসকলৰ নাম,সমূহীয়া নাম প্ৰসংগ,ভাগৱত পাঠ,নিৰ্মালি আৰু প্ৰসাদ বিতৰণ৷সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানত হৰি শইকীয়া বৰবায়নৰ পৰিচালনাত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ’ৰাম বিজয়’ ভাওনা মঞ্চস্থ হ’ব৷