দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- দুধনৈৰ ডাবলিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহতিয়ালে ই–ৰিক্সা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় একেটা পৰিয়ালৰে ৬ জন লোক। জানিব পৰা মতে, দুধনৈ ৰাস মহোৎসৱলৈ আহি থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। ৩ জনক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱাৰ পিছত এগৰাকীয়ে হাস্পতালত মৃত্যুবৰণ কৰে। আন দুগৰাকীৰ অৱস্থা সংকটজনক বুলি তথ্যত প্ৰকাশ। দুৰ্ঘটনাটোত আহত হৈছে পূৰ্ণ চন্দ্ৰ দাস, বিকাশ দাস, দীপান্বিতা দাস, ললিতা ভৌমিক, প্ৰণৱজ্যোতি ৰাভা।ইয়াৰে শিল্পাশ্ৰী দাসৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত পূৰ্ণ চন্দ্ৰ দাস আৰু গোলাপী দাসৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে।