দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত অষ্ট্ৰেলিয়াৰ সেনা প্ৰধানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ সেনাপ্ৰধান লেফটেনেণ্ট জেনেৰেল ৰিক বুৰে শ্বহীদ ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰে। দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহা বুৰক সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে আদৰণি জনায়। তেওঁক চাউথ ব্লকত গাৰ্ড অফ অনাৰ ও দিয়া হৈছিল।