দিল্লীত কাৰ্বি শান্তি চুক্তি সম্পন্ন
অনলাইন বাৰ্ত্তাসেৱা- দিল্লীত কাৰ্বি পাহাৰৰ ছয় বিদ্ৰোহী সংগঠনৰ সৈতে ‘কাৰ্বি শান্তি চুক্তি’ স্বাক্ষৰিত হ’ল।এই চুক্তি স্বাক্ষৰিত অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী তুলিৰাম ৰংহাং। এই চুক্তি অনুসৰি বিদ্ৰোহী সংগঠন কেইটাই তেওঁলোকৰ হাতত থকা অস্ত্ৰসমূহ চৰকাৰক জমা দিব। কাৰ্বি আংলং জিলাৰ বিকাশৰ বাবে ১০০০ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা। ৫০০ কোটিৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে আৰু ৫০০ কোটিৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব।
কাৰ্বি ভূমিৰ বিকাশৰ বাবে ভাৰতৰ চৰকাৰৰ ঘোষণা
- কাৰ্বি আংলঙত ভাৰতীয় খাদ্য নিগমৰ এটা গুদামঘৰ স্থাপন।
- কাৰ্বি আমলঙত এটাগ্ৰীণ ফিল্ড এয়াপʼৰ্ট স্থাপন।
- অসম বিশ্ববিদ্যালয়, শিলচৰৰ ডিফু চৌহদটোক পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ।
- ডিমাপুৰ বিমানবন্দৰলৈ সহজে যাত্ৰা কৰিব পৰাকৈ কাৰ্বি ভূমিৰ পৰা ধনশিৰি হৈ সকলো বতৰতে যাত্তায়োগ্য এটা চাৰিলেনযুক্ত পথ নিৰ্মাণ।
- ডিফুৰ পৰা পশ্চিম কাৰ্বি আংলং-হামৰেণ হৈ মেঘালয় সীমান্তলৈ এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ।
- ডিফুৰ হোটেল আৰু ট্যুৰিজিম মেনেজমেন্ট ইনষ্টিটিউট স্থাপন।
- হাৱাইপুৰ ৰেলষ্টেচনক এটা পূৰ্ণাংগ ৰেলষ্টেচনলৈ উন্নীতকৰণ।
- পশ্তিম কাৰ্বি আংলঙৰ ডংকামোকামত এখন জিলা হস্পিতাল স্থাপন।
- কাৰ্বি আংলঙত স্পাইচ বʼৰ্ড আৰু ৰাবাৰ বʼৰ্ডৰ ৰিজিঅʼনেল অফিচ স্থাপন।
- ডিফুত থকা দুৰদৰ্শন কেন্দ্ৰটো পূৰ্ণংগ কেন্দ্ৰলৈ উন্নীতকৰণ।
- পশ্চিম কাৰ্বি আংলং জিলাত এটা দূৰদৰ্শন কেন্দ্ৰ আৰু এটা অনাতাঁৰ কেন্দ্ৰ স্থাপন।
- ডিফু প্ৰসাৰ ভাৰতীক পূৰ্ণ পৰ্যায়ৰ ৰেডিঅʼ ষ্টেচনলৈ উন্নীতকৰণ।
- পশ্চিম কাৰ্বি আংলং জিলাত এটা সৌৰশক্তি প্ৰকল্প স্থাপন।
- কাৰ্বি আংলং জিলাত এখন সৈনিক স্কুল স্থাপন।
- খেৰনীত এটা চেনিকল স্থাপন।
- জাগীৰোডৰ পৰা ডংকামোকাম হৈ লামডিঙলৈ ৰেলপথ, পশ্চিম কাৰ্বি আংলঙত এটা ষ্টেচন স্থাপন।
কাৰ্বিভূমিৰ বিকাশৰ বাবে অসম চৰকাৰৰ ঘোষণা
- ডিফুত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ, উৎপাদন আৰু বাণিজ্যিক কেন্দ্ৰ স্থাপন।
- ডিফু আৰু পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত পশু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাল স্থাপন।
- বৈঠালাংছʼত বেম্বʼ নাৰ্ছাৰী স্থাপন।
- জৈৱিক উদ্যানশস্য পাৰ্ক স্থাপন।
- ডিফুত থলুৱা খাদ্য পাৰ্ক স্থাপন।
- ডংকামোকামত ভোকেচনেল আৰু স্কীল ডেভেলপমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট স্থাপন।
- পশ্চিম কাৰ্বি আংলঙত সচিবালয় চৌহদ স্থাপন।
- পশ্চিম কাৰ্বি আংলঙৰ ৰংহাং ৰংবঙক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰ।
- ডিফুত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৰাজধানী চৌহদ।
- কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত স্বায়ত্তশাসিত পৰিষদৰ দুটাকৈ অতিথিশালা স্থাপন।
- ডেইথৰ, মাঞ্জা আৰ পশ্চিম কাৰ্বি আংলঙত খাদ্য সংসাধন কেন্দ্ৰ, শীতলীকৰণ ভঁৰাল স্থাপন।
- জিঞ্জাৰ ডিহাইড্ৰেচন প্লেণ্ট আৰু মডাৰ্ণ ফুড প্ৰচেছিং প্লেণ্ট স্থাপন।
- ব্ৰুম মেকিং ফেক্টৰী।
- হামৰেণত এখন চৰকাৰী স্নাতক মহাবিদ্যালয় স্থাপন।
- প্ৰতিটো ব্লকতে অত্যাধুনিক সুবিধাসহ একোখনকৈ হস্পিতাল স্থাপন।
- বোকাজানত ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ৰিডিঅʼনেল ৰিছʼৰ্চ চেণ্টাৰ স্থাপন।
- পশ্চিম কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয় স্থাপন।
- নাগালেণ্ড আৰু মেঘালয়ৰ সীমামূৰীয়া এলেকাত চাহ খেতি ৰোপণৰ বাবে অসম চৰকাৰে আগবঢ়াব সহযোগিতা।
- পশ্চিম কাৰ্ব আংলঙত ফৰেষ্ট ট্ৰেইনিং কলেজ স্থাপন।