দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ১১ নং ৱাৰ্ড পাৰিষদ আৰু মিউনিফিচেঞ এন জি অ’ৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ দাঁতালপাৰাত অনুষ্ঠিত কৰা হয়। অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° বিভা ভৰালী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বৈকুণ্ঠ ৰাজবংশী, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা,১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী৷সভাত সভাপতিত্ব কৰে মিউনিফিচেঞ্চ এন জি অ’ৰ সভাপতি হীৰেন শৰ্মাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক গদাধৰ দাসে৷উপস্থিত বিশিষ্ট অতিথি সকলে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি মাৰ্গ দৰ্শন কৰে আৰু জীৱনৰ বাটত বহু দূৰ আগবাঢ়ি যাবলৈ তথা সু নাগৰিক হ’বলৈ আশীৰ্বাদ তথা অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত ৩৪ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক এখনি ফুলাম গামোচা, এখনি সম্বৰ্ধনা পত্ৰ,এটা কলম ,এটা গছপুলি আৰু ৰাষ্ট্ৰপতি আব্দুল কালামৰ জীৱনৰ ওপৰত আধাৰিত টাৰ্ণিং পইণ্ট নামৰ গ্ৰন্থ প্ৰদান কৰা হয়৷ অনুষ্ঠানত প্ৰায় ২০০ জন ৱাৰ্ডৰ নাগৰিক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।