তাই
ব’হাগ আহিলে তাই ঘৰলৈ আহে
মোৰ সৌভাগ্য,
তাই ঘৰলৈ আহে মোৰ কাষলে
ন-সাজত কুঁহিপাতৰ দৰে।
খোপাত ফুলি যায় তাইৰ কপৌফুল-মাধৈমালতী
জেতুকাৰ ৰহণেৰে ভৰপূৰ দুহাত দুভৰি মোক দেখুৱায়,
আচৰিত! ঠিক মই ভালপোৱা আবেলিবোৰৰ দৰেই
হেঙুলীয়াখিনি আৱৰি থাকে।
ব’হাগ,মোৰ প্ৰিয়
তাই বাউলি প্ৰিয়া,
ফুৰিব খোজে তাই মোৰ স’তে ধুবুৰী-শদিয়া..
মই নাযাওঁ মোৰ মনটো যায়,
ফুৰি আহো বহু ঠাই।
আকৌ আহি পাওঁ আপোন গাওঁ,
আহঁতৰ তলত বহো
তাই নব’হে…
কুমলীয়া আহঁতৰ পাতত আঁকি থাকে তাহানিৰ প্ৰতিধ্বনি
তাহানিৰ জীয়া ছৱি
আঁকি থাকে তাই
নৱবৰ্ষৰ কিঞ্চিত সপোনৰ ঠিকনা।
আলাপত মগন হ’ব খোজো
তাইৰ বাউলি চুলিয়ে আমনি কৰে মোক,
আঙুলিত লাগি ধৰে
কুঞ্জলতাৰ চিগা আগ।
অজানিতে তাই গুছি যায়
হয়তো এইয়ে বছৰেকৰ
মৰম ভালপোৱা
মৌনতাৰ আলমত।
পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ