* গেৰুৱা বস্ত্ৰ *- অঞ্জুমণি শইকীয়া

Pc Youtube

* গেৰুৱা বস্ত্ৰ *

যোৰহাট , বালিগাঁৱৰ ককিলামুখত অৱস্থিত ( ব্ৰহ্মপুত্ৰৰ কাষত ) শান্তি আশ্ৰমলৈ ( কালি ) গৈছিলো , চহৰৰ কোলাহলৰ পৰা ক্ষণিকৰ বাবে আঁতৰি নিৰ্জনতা বিচাৰি ৷ শান্তি আশ্ৰমৰ শান্তিৰ পৰিৱেশ দেখি অভিভূত হৈ আমাৰ পুত্ৰদ্বয়ে ফটো তোলাত ব্যস্ত হৈ পৰিল ৷ মঠৰ ভিতৰত যিহেতু ফটো তুলিবলৈ দিয়া নহয় , বাহিৰতে ফটো কেইকপিমান মাৰি মঠৰ ভিতৰ চ’ৰা দৰ্শন কৰিম বুলি ভাবিলো ৷ ভুলক্ৰমে , জেষ্ঠপুত্ৰই ফটো উঠিবলৈ মঠৰ একেবাৰে তলৰ চিৰিত ( চোতালৰ সৈতে সংলগ্ন ) চেণ্ডেল পিন্ধি ভৰি থলে ৷ তেনে সময়তে গেৰুৱা বস্ত্ৰ পৰিধান কৰা , ডাঢ়িয়ে – চুলিয়ে দেখিবলৈ ঋষিৰ দৰে ব্যক্তি এজনে জেষ্ঠ পুত্ৰক বেংগুলী ভাষাত খঙেৰে ক’লে ,

” চেণ্ডেল পিন্ধি কিয় চিৰিত ভৰি দিছা ? বঙালী সংস্কৃতি নাজানা ? অসমীয়া সংস্কৃতি নাজানা ? “

পুত্ৰদ্বয়ে  “ভুল হ’ল ” বুলি কৈ ক্ষমা বিচাৰিলে ৷

” কিয় ভুল হ’ল ” বুলি কৈ ভেঙুচালি কৰি এসোপামান গালি পাৰি ব্যক্তিজন গুচি গ’ল ৷

তেওঁৰ ব্যৱহাৰ দেখি আমাৰ লগত যোৱা আলহীজনৰ লগতে আমিও মঠৰ ভিতৰখন নোচোৱাকৈ গুচি আহিলো ৷

মই জনাত গেৰুৱা বস্ত্ৰ তেওঁ পিন্ধে , যি কাম , ক্ৰোধ , লোভ , মোহ আদি ৰিপু দমন কৰিব পাৰে ৷ বেংগুলী সংস্কৃতি আমি সম্পূৰ্ণ নাজানো ৷ কিন্তু , অসমীয়া সংস্কাৰ বা সংস্কৃতি জানে কাৰণেই পুত্ৰদ্বয়ে জেষ্ঠ বুলি সন্মান কৰি ব্যক্তিজনৰ কটু বাক্য নীৰৱ হৈ শুনিলে ৷

শান্তি আশ্ৰমৰ বিষয়ে চমুকৈ —
**********
স্বামী নিগমানন্দ সৰস্বতীয়ে পশ্চিমবঙ্গৰ পৰা ইয়ালৈ আহি বৃটিছৰ অধীনত চাকৰি কৰাৰ পিছত সৈন্ন্যাস গ্ৰহণ কৰি ” শান্তি আশ্ৰম” নাম দি এখন আশ্ৰম স্থাপন কৰে ৷ তেওঁৰ মৃত্যুৰ পিছত স্বামী স্বৰূপানন্দৰ সহযোগত আশ্ৰমখন এটা মঠলৈ পৰিৱৰ্তন কৰা হয় ৷ এই মঠটোত গুৰু শঙ্কৰাচাৰ্যৰ আসন আছে ৷ যিকোনো ধৰ্মৰ লোকেই এই আসনৰ সন্মুখত ধ্যান কৰিব পাৰে ৷ অসমৰ বিভিন্ন ঠাই , বেংগল আৰু উৰিষ্যাকে মুখ্য কৰি ভাৰতৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল ইয়ালৈ আহে ৷

***
– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি