ডিব্ৰুগড়ৰ বিশিষ্ট সাংবাদিক সঞ্জীৱ নন্দীৰ দেহাৱসান: সংবাদ মাধ্যমৰ লগতে দল সংগঠনৰ শোকৰ ছাঁ

ডিব্ৰুগড়ৰ বিশিষ্ট সাংবাদিক সঞ্জীৱ নন্দীৰ দেহাৱসান: সংবাদ মাধ্যমৰ লগতে দল সংগঠনৰ শোকৰ ছাঁ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী আৰু নাই। বিগত ১২ দিন ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰস্পেচিয়েলিটি হস্পিতালত চিকিৎসাধীন হৈ থকাৰ পিচত আজি (২২/১/২৪)পুৱা ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীয়ে। গুৱাহাটীৰ পৰা প্ৰকাশিত ‘দৈনিক যুগশংখ’ কাকতৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কৰ্মৰত সঞ্জীৱ নন্দীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ডিব্ৰুগড়ৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰে। যোৱা ৮ জানুৱাৰীত পুৱা ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱা সঞ্জীৱ নন্দীক পৰিয়ালৰ লোকে লগে লগে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। ১৮ জানুৱাৰীত চিকিৎসকে সফলতাৰে সম্পন্ন কৰিছিল নন্দীৰ মগজুৰ অস্ত্ৰোপচাৰ। কিন্তু ইমানৰ পিছতো সংকটমুক্ত হোৱা নাছিল নন্দীৰ চিকিৎসা চলাই থকাৰ মাজতে ইহংসাৰ ত্যাগ জ্যেষ্ঠ সাংবাদিকজনে আজি মৃত্যুক আকোৱালি লয়। ইফালে আজি সঞ্জীৱ নন্দীৰ নশ্বৰদেহ ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাৱলৈ অনা হয়। ইণ্ডিয়া ক্লাৱৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলী জনায়। ইয়াৰ পিছতে ‘দৈনিক যুগশংখ’ কাকতৰ কাৰ্যালয়লৈ অনা হয় তেওঁৰ নশ্বৰদেহ। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৌৰপতি ডাঃ চৈকত পাত্ৰ, ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, সম্পাদক অনিল কুমাৰ পোদ্দাৰ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিত বৰা, সাধাৰণ সম্পাদক ৰাতুল গোহাঁই, জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঞি, চিপিআই(এম)ৰ যুৱ নেতা প্ৰণৱ শইকীয়া, খোজ অসম, আদিৰ লগতে বিভিন্ন দল-সংগঠন তথা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলী জনোৱা হয়। উল্লেখযোগ্য যে, ১৯৬৫ চনৰ ২০ জানুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা নন্দীয়ে ডিব্ৰুগড়ৰ বঙালী হাইস্কুলত অধ্যয়ন কৰি কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। বাংলা দৈনিক সংবাদ পত্ৰ ‘সময় প্ৰভা’ৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা সঞ্জীৱ নন্দী ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ কোষাধ্যক্ষ, ডিব্ৰুগড় সাংবাদিক হুঁচৰি দলৰ কোষাধ্যক্ষ, ইণ্ডিয়া ক্লাৱকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত নন্দীয়ে তিনি ভগ্নীৰ লগতে বহু আত্মীয়ক এৰি থৈ গৈছে।এগৰাকী অতি অমায়িক আৰু সহজ সৰল মিঠামুখীয়া লোক সঞ্জীৱ নন্দীৰ মৃত্যুত অনেক গুণমুগ্ধৰ উপস্থিতিত চৌকিডিঙ্গিৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাঃ আহমেদ উল্লা খান আৰু সম্পাদক এম হাছিম আলীয়ে নন্দীৰ মৃত্যুৰ খবৰ শুনি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।