ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে দুজন বাইক আৰোহী নিহত হয় ।ডিব্ৰুগড়ৰ পৰা ধেমাজিৰ অভিমুখে AS-12 A-B2517 নম্বৰৰ বাইকখনত দুজন যুৱক গৈ থকা অৱস্থাত বিপৰীত দিশৰ অহা TATA TIAGO AS -07-T- 3274 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে নিহত যুৱক দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত বগীবিল আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।