ডিব্ৰুগড়ৰ তিলৈত  আনুষ্ঠানিকভাৱে ৪৬৬৭ টা পৰিয়ালক ভূমিপট্টা বিতৰণ মন্ত্ৰী বিমল বড়াৰ 

ডিব্ৰুগড়ৰ তিলৈত  আনুষ্ঠানিকভাৱে ৪৬৬৭ টা পৰিয়ালক ভূমিপট্টা বিতৰণ মন্ত্ৰী বিমল বড়াৰ 
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী  বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি(২৯-২’২৪) মিছন বসুন্ধৰা ২.০ ৰ অধীনত  ডিব্ৰুগড়ৰ তিলৈ গ্ৰাম্য প্ৰেক্ষাগৃহত অনুষ্ঠিত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি খোৱাং সমষ্টিৰ ৪,৬৬৭ টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত ৰাইজক সম্বোধন কৰি মন্ত্ৰী বিমল বড়াই কয় যে,  মিছন বসুন্ধৰাৰ মূল্য লক্ষ্য হৈছে ৰাজ্যখনৰ ভূমিহীন খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা। মিছন বসুন্ধৰা আচঁনিখন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ বুলিও মন্ত্ৰী বড়াই উল্লেখ কৰে।  কোনো এজন যোগ্য লোক যাতে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্ৰতিজন যোগ্য ব্যক্তিক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰোপৰি ৰাজ্য চৰকাৰখনে অসমৰ সৰ্বাংগীন বিকাশৰ নিমিত্তে বিভিন্ন জনকল্যাণমূলক আচঁনিৰ জৰিয়তে  নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলিও মন্ত্ৰী বিমল বড়াই সভাত উল্লেখ কৰে। আজিৰ ভূমি পট্টা বিতৰণ কাৰ্যসূচীত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী  ৰামেশ্বৰ তেলী, খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, অতিৰিক্ত জিলা আয়ুক্ত জিন্টু বৰা, ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ চক্ৰ বিষয়া দেৱ নাৰায়ন হাজৰিকা, মৰাণ ৰাজহচক্ৰৰ চক্ৰ বিষয়া সংগীতা শৰ্মা, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ সভাপতি ডেইজীৰানী শ্যাম প্ৰমূখ্যে স্থানীয় বিশিষ্ট ব্যক্তিসকল তথা ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে।