ডিব্ৰুগড়ত নির্যাতন বিৰোধী ঐক্য মঞ্চ (অসম)ৰ সংবাদমেল
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- নির্যাতন বিৰোধী ঐক্যমঞ্চ”- (অসম)ৰ উদ্যোগত আলফা-চৰকাৰৰ সংঘাটৰ সময়ত উভয় পক্ষৰ দ্বাৰা নির্যাতিত হোৱা লোকসকলৰ পৰিচয় আৰু তথ্য সংগ্ৰহৰ স্বাৰ্থত এখন আবেদন পত্র ব্যৱহাৰ কৰা পত্রখনক লৈ বৰ্তমান একাংশই নানা কুৎসা ৰচনা, বিভ্রান্তিকৰ আৰু জালিয়াতিৰে নির্যাতন বিৰোধী ঐক্য মঞ্চই ব্যৱহাৰ কৰা উক্ত আবেদনখনৰ নকল কপি বনাই টকা সংগ্রহ কৰাত ব্যস্ত হৈ পৰিছে আৰু একাংশ লোকে উদ্দেশ্য প্রণোদিতভাৱে নির্যাতন বিৰোধী ঐক্য মঞ্চ (অসম)ক সমাজত বদনাম কৰাৰ স্বাৰ্থত উঠি পৰিলগা এক চক্রান্ত কাৰ্যক বিৰোধিতা কৰিছে। নির্যাতন বিৰোধী ঐক্য মঞ্চ (অসম)ৰ ৰাজ্যিক সাধাৰণ সম্পাদক লক্ষীনাথ ফুকন, বিত্ত সম্পাদক ( ৰাজ্যিক ) ৰহেন্দ্ৰ মৰানে আজি (২২-৭-২৪) এক সংবাদমেলৰ জৰিয়তে ডিব্ৰুগড় সাহিত্য শাখাৰ সভাকক্ষত নেতাদ্বয়ে সংবাদ মাধ্যমক এইদৰে জনায় যে আলফা আলোচনা পন্থী গোটৰ একাংশ নেতাই শান্তি চুক্তিৰ নামত পুনৰ সংস্থাপন আৰু আর্থসামাজিক উন্নতিৰ বাবে চৰকাৰে আগবঢ়োৱা পাঁচ হাজাৰ কোটি টকাৰ পেকেজত নির্যাতিত সকলক সাঙুৰি লোৱাৰ দাবী উত্থাপন কৰিলেই লাখ লাখ নির্যাতিত বুলি ভেকাহি মাৰে বুলি অভিযোগ কৰি নির্যাতন বিবোধী ঐক্য মঞ্চই তাৰ প্ৰত্যাহ্বান স্বৰূপে নির্যাতিত সকলৰ তথ্য সংগ্রহ কৰি প্রকৃত সংখ্যা দাঙি ধৰিবলৈ আগ্রহী। আনহাতে নির্যাতন বিৰোধী ঐক্যমঞ্চৰ মতে আলোচনাপন্থী আলফাই কোৱাৰ দৰে অসমত কোনো লাখ লাখ নির্যাতিত লোক নাই। এই সংখ্যা দহ হাজাৰো অধিক নহয়। লাখ লাখ নির্যাতিত ধাৰণাটো তেওঁলোকৰ কল্পনাপ্রসু আৰু ভিত্তিহীন। গতিকে এই তথ্য সঠিক ভাবে নিৰ্ধাৰণৰ স্বাৰ্থত “নির্যাতন বিৰোধী ঐক্য মঞ্চ”ই নিজা প্রদক্ষেপ গ্রহণ কৰি নির্যাতিত সকলৰ পৰিচয় আৰু তথ্য সংগ্ৰহৰ বাবে এখনি পত্ৰ নির্যাতিত লোক সকললৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও প্রতিক্রীয়াশীল শক্তিয়ে অভিযোগ অনাৰ দৰে মঞ্চৰ কোনো সদস্যই এই পৰিচয় পত্র সংগ্ৰহৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা নাই। নির্যাতন বিৰোধী ঐক্যমঞ্চ (অসম)ব সিদ্ধান্তমর্মে এই কামখিনি সূচাৰু ৰূপে কৰি নিয়াৰ বাবেহে সমৰ্থবান নির্যাতিত সকলৰ পৰা এশৰ পৰা দুশ টকা সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল। অত্যাধিক সকলৰ পৰা একাধিক তিনিশ টকাত কৈও অধিক টকা সংগ্ৰহ কৰাৰ কোনো সাংগঠনিক অনুমতি নাই সংগঠনটোৱে যদিও একেবাৰে অসৰ্মথ সকলৰ পৰা কোনো টকা নোলোৱাকৈয়ে এই আবেদন ভর্তি কৰা হৈছে। যদি কোনো লোকে আমাৰ পৰিচয় পত্রখন নকল কপি বনাই হাজাৰ , পোন্ধৰশ টকা দাবী কৰিছে তেওঁলোকক টকা নিদিবলৈ ৰাইজক অনুৰোধ জনায়। এই ক্ষেত্ৰত প্রশাসনকো দুস্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ সংবাদমেল যোগে দাবী জনাইছে সংগঠনৰ নেতাসকলে ।