ডিব্ৰুগড়ত উপস্থিত হৈ ভয়াৱহ খহনীয়াস্থলী পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল মাইজান আৰু নগাঘুলিত অব্যাহত থকা ভয়াৱহ খহনীয়াস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে৷ তেওঁ কয় যে সংশ্লিষ্ট বিভাগে বৰ্তমান জৰুৰী প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আশা কৰিম বিভাগৰ প্ৰচেষ্টা সফল হয়৷ শীঘ্ৰেই এই খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে৷ চৰকাৰ আৰু জলসম্পদ বিভাগৰ পৰা এই খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ চিন্তা আৰু কাম কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তথাপি নদীৰ সৈতে যুদ্ধ কৰাতো ইমান সহজ নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখযোগ্য যে বিগত এমাহে মাইজানত অব্যাহত থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে অঞ্চলটোৰ ৪০০ মিটাৰ মাটি নদীৰ বুকুত বিলীন হৈছে৷ ১৫০ মিটাৰ সুৰক্ষা বান্ধ চিঙি নিছে খহনীয়াই৷ কেইবাটাও বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হৈছে৷ লগতে ৫০টা পৰিয়ালে বৰ্তমান মথাউৰিৰ ওপৰত বসবাস কৰিবলগীয়া হৈছে৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ সমানে সমানে নামি পৰিছে ৰাইজ৷ এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে স্থানীয় ৰাইজে৷ হাজাৰ হাজাৰ শ্ৰমিকৰ শ্ৰমদানেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে মাইজানবাসীয়েও৷মাইজান আৰু গ্ৰীনউড বাগিচা বন্ধ কৰি শ্ৰমিকে শ্ৰমদান কৰি ব্যস্ত হৈ পৰিছে মথাউৰি নিৰ্মাণত৷ প্ৰণিধানযোগ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে যদিও চলিত বৰ্ষত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ৷ মাইজানৰ মথাউৰিৰ এটা অংশ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছতহে জিলা প্ৰশাসন তথা জলসম্পদ বিভাগে গুৰুত্ব দিয়াৰো অভিযোগ উত্থাপন কৰিছিল খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজে৷ উল্লেখযোগ্য যে আজি এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা৷ আনহাতে মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ বিভাগ,¸ জিলা প্ৰশাসনৰ বিষয়াসকলে৷ আনহাতে ডিব্ৰুগড় জিলাৰে চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিন্ধাকটা পুখুৰীজান অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে খহনীয়াৰ সৃষ্টি কৰা এলেকা আজি জ্যেষ্ঠ বিধায়ক বিনোদ হাজৰিকাক লগত লৈ জলসম্পদ মন্ত্ৰী হাজৰিকাই পৰিদৰ্শন কৰে৷ খহনীয়াক্ৰান্ত অঞ্চলটো পৰিদৰ্শন কৰি মন্ত্ৰীজনে পৰিস্থিতিৰ বুজ লয়৷ তেওঁ কয় যে জলসম্পদ বিভাগে ইতিমধ্যে এই খহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ী পদক্ষেপ হাতত লৈছে৷ অতি সোনকালে এই স্থানত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ বাবে জলসম্পদ বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে৷