ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ মেখেলা–চাদৰ পিন্ধি ৰেম্পত খোজ দিলে বলীউডৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে

ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ মেখেলা–চাদৰ পিন্ধি ৰেম্পত খোজ দিলে বলীউডৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-   নব্বৈৰ দশকত “মেইনে প্যাৰ কিয়া” ছবিখনত নায়িকাৰ অভিনয়ৰে দেশে-বিদেশে আলোড়নৰ সৃষ্টি কৰা বলীউডৰ মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰীয়ে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তৰ মেখেলা–চাদৰ পিন্ধি খোজ দিলে ৰেম্পত।মুম্বাইত অনুষ্ঠিত লেকমে ফেশ্বন শ্ব’ত অসমৰ চহকী ৰেচমী সূতাৰে পৰম্পৰাগত আৰু আধুনিকতাৰ আকৰ্ষণীয় সংমিশ্ৰণেৰে থলুৱা তাঁতশালত প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ডিজাইন “পলাশ” শীৰ্ষক চাদৰ মেখেলা পিন্ধি ভাগ্যশ্ৰীয়ে ৰেম্পত দিয়া কেট ৱাক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।ৰেম্পত কেট ৱাক কৰাৰ পাছতে ভাগ্যশ্ৰী অসম কন্যা সংযুক্তাৰ ডিজাইন সন্দৰ্ভত প্ৰশংসা কৰি কয় যে– অসমৰ বহু থলুৱা শিপিনীক এখন নিৰাপদ কৰ্মক্ষেত্ৰৰ বাট মুকলি কৰি দিয়া সংযুক্ত দত্তৰ এই প্ৰয়াস নিঃসন্দেহে শলাগ ল’বলগীয়া। ডিজাইনাৰ সংযুক্তা দত্তলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো অনাগত দিনত যেন এই যাত্ৰা অধিক ফলপ্ৰসূ হয়।অসম কন্যা সংযুক্তা দত্তই ভাগ্যশ্ৰীয়ে তেওঁৰ ডিজাইনৰ মেখেলা–চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দিয়াটো জীৱনৰ এক চিৰস্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰি কয়- এয়াতো মোৰ বাবে অন্যতম সফলপ্ৰাপ্তি। মোৰ ডিজাইনৰ অভিনৱ সম্ভাৰ “পলাশ”ৰ মেখেলা–চাদৰ পিন্ধি লেকমী ফেশ্বন উইকৰ ৰেম্পত খোজ দিছে বলীউডৰ সৌন্দৰ্য ৰাণী ভাগ্যশ্ৰী, ইয়াতকৈ আৰু সুখৰ উৎস আন কি হ’ব পাৰে।বিশ্বৰ আগশাৰীৰ মঞ্চত অসমৰ চিৰযুগমীয়া বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰিব পোৱাটো অসমবাসীৰ বাবেই এক বৰ্ণিল সুযোগ বুলি লগতে মন্তব্য কৰে ডিজাইনাৰ দত্তই।