ডিগবৈৰ গোলাইত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু

ডিগবৈৰ গোলাইত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিগবৈৰ গোলাইত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত দুগৰাকী মহিলাৰ লগতে দুজন পুৰুষ নিহত হয়। গোলাইৰ টাৰ্মিনেলৰ সন্মুখত এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা টিয়াগ’ বাহনে। বাহনখনত আছিল দুগৰাকী মহিলাসহ তিনিজন পুৰুষ। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহতজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বিয়া খাই ঘৰলৈ উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে । নিহত কেইজন হৈছে জাগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিছা গুপে, সুভাষ গুপে আৰু আন গৰাকী হৈছে সাধনা গুপে ।