ডনাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ মৃত্যু

Pc Times Of india

ডনাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-   আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী আৰু তেওঁৰ তিনিটা সন্তানৰ মাতৃ ইভানা ট্ৰাম্পৰ ৭৩ বছৰ বয়সত মৃত্যু হয়। ছচিয়েল মিডিয়াত ড’নাল্ড ট্ৰাম্পে এই কথা সদৰী কৰিছে।নিউয়ৰ্কত মৃত্যু হয় ইভানা ট্ৰাম্পৰ। ১৯৭৭ চনত ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ইভানা। ১৯৯২ চনত বিবাহ বিচ্ছেদ হৈছিল।প্ৰাক্তন পত্নীৰ নিধনৰ তথ্য সদৰী কৰি ড’নাল্ড ট্ৰাম্পে লিখিছে-, “তেওঁ এগৰাকী সুন্দৰ, ধুনীয়া আৰু আশ্চৰ্যকৰ মহিলা আছিল, যিয়ে এক মহান আৰু অনুপ্ৰেৰণাদায়ক জীৱন যাপন কৰিছিল।”