কানাডাত শিখ নেতা ৰিপুদমন সিং মালিকক হত্যা

Pc Hindustan Times

কানাডাত শিখ নেতা ৰিপুদমন সিং মালিকক হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে নিশা কানাডাৰ ভেংকুভাৰত শিখ নেতা ৰিপুদমন সিং মালিকক গুলীয়াই হত্যা কৰে। তেওঁক কিয় হত্যা কৰা হ’ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই। বাইকত অহা দুৰ্বৃত্তই শিখ নেতাজনৰ ওপৰত আক্ৰমণ কৰে। শিখ নেতাজনৰ গাড়ীখন জ্বলাই দিয়ে দুৰ্বৃত্তই।আৰক্ষীয়ে কয় যে একেবাৰে ওচৰৰ পৰা গুলীচালনা কৰিছিল দুৰ্বৃত্তই। ঘটনাস্থলীতে মৃত্যু হৈছিল ৰিপুদমনৰ। উল্লেখযোগ্য যে ১৯৮৫ৰ এয়াৰ ইণ্ডিয়া বিমানৰ বিস্ফোৰণত ৰিপুদমনৰ নাম সাঙোৰ খাইছিল। কিন্তু পিছত ২০০৫ চনত তেওঁক দোষমুক্ত ঘোষণা কৰা হৈছিল তেওঁক।