টুকটুকীৰ মানসিকভাবে বিকাৰগ্রস্ত যুৱক দলংঘাটৰ পৰা নিৰুদ্দেশ

টুকটুকীৰ মানসিকভাবে বিকাৰগ্রস্ত যুৱক দলংঘাটৰ পৰা নিৰুদ্দেশ

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ ধিং থানাৰ এলেকাধীন টুকটুকীৰ মানসিকভাবে বিকাৰগ্রস্ত যুৱক দলংঘাটৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, টুকটুকী নিবাসী আব্দুল বাৰেকৰ পুত্ৰ যোৱা ৭ আগষ্টত ১০ বজাত এখন টম টম গাড়ীত উঠি দলংঘাটলৈ গৈছিল আৰু তাৰ পৰাই মানসিকভাবে বিকাৰগ্রস্ত যুৱক ইনামূল হুছেইন নিৰুদ্দেশ হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি নাপায় আহোম গাঁও আৰক্ষী পহৰা চকীত এখন নিৰুদ্দেশ হোৱাৰ জাননী দিয়ে। কোনো সদাহয় ব্যক্তিয়ে যদি মানসিকভাবে বিকাৰগ্রস্ত ইনামূলৰ সন্ধান পায় তেন্তে আহোম গাঁও আৰক্ষী পহৰা চকী অথবা 9101808175 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে বিনম্ৰ ভাৱে অনুৰোধ জনাইছে।