বেচামাৰী পঞ্চায়তৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক

বেচামাৰী পঞ্চায়তৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক, কুম্ভকৰ্ণ নিদ্ৰাত জন প্ৰতিনিধি

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ ধিং সমষ্টিৰ এলেকাধীন মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেচামাৰী পঞ্চায়তৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক। সমষ্টিটোৰ ২৯ খন পঞ্চায়তৰ ভিতৰত বেচামাৰী পঞ্চায়তৰ বাট পথৰ অৱস্থা একেবাৰে শোচনীয়। সমষ্টিটোৰ ৪ নং ৱাৰ্ডত থকা নাচিৰ হাজিৰ ঘৰৰ পৰা হাফিজিয়া মাদ্ৰাছা হৈ ফুৰকান আলী মাষ্টৰৰ ঘৰলৈ যোৱা দুই কি:মি: দৈর্ঘৰ জাৰাজীৰ্ণ পথটোৱে যমৰ যাতনা ভোগাইছে অঞ্চলবাসীক। বছৰটোৰ ছমাহেই পথটোৰ একাংশ থাকে পানীৰ তলত।যাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে ভুগি আছে যমৰ যাতনা। স্থানীয় ৰাইজে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম,বেচামাৰী জিলা পৰিসদৰ সদস্যা নৱনীতা আহমেদ আৰু পঞ্চায়তটোৰ সভাপতি হিবজুৰ ৰহমানক বাৰে বাৰে জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই অঞ্চল বাসীক ।স্থানীয় ৰাইজে পথটোৰ পুনৰ নিৰ্মাৰ দাবী জনাইছে চৰকাৰক।