টুকটুকীৰ চালনাবড়িৰ যুৱক তামিলনাডুৰ কয়ামবাটুৰৰ পৰা নিৰুদ্দেশ

টুকটুকীৰ চালনাবড়িৰ যুৱক তামিলনাডুৰ কয়ামবাটুৰৰ পৰা নিৰুদ্দেশ

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- সঘনাই বহি:ৰাজ্যত নিৰুদ্দেশ হবলৈ ধৰিছে অসমৰ যুৱক। নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ছালনাবড়ি গাঁৱৰ এজন যুৱক তামিলনাডুৰ কয়ামবাটুৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ছালনাবড়ি গাঁৱৰ ৰিয়াজ উদ্দিনৰ পুত্ৰ আশ্বিকুল ইছলামে পেটৰ তাড়নাত চাৰি মাহ পূৰ্বে বহি:ৰাজ্য কেৰেলাত কাম কৰিবলৈ গৈছিল। যোৱা ৯ অক্টোবৰত ঘৰলৈ উভতি অহাৰ বাবে পেৰামবাবু লৈ টিকট কাটিব গৈছিল যদিও টিকট নাপায় কয়ামবাটোৰ ৰেল ষ্টেচন টিকট কাটিব যায়।আৰু তাৰ পৰাই নিৰুদ্দেশ হয় বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। বৰ্তমান আশ্বিকুল ইছলামৰ কোনো খবৰ নোপোৱাত হতাশত ভাঙি পৰিছে পৰিয়ালৰ লোক। কোনো সদাহয় ব্যক্তিয়ে যদি আশ্বিকুল ইছলামৰ সন্ধান পায় তেন্তে 8811971519 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায়।