অনলাইন বাৰ্ত্তাসেৱা– কলম্বিয়াৰ প্ৰতিদ্বন্দ্বী ইনগ্ৰিড ভেলেন্সিয়াৰ সৈতে ৫১ কেজি শাখাত মেৰী কমে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ২-৩ ব্যৱধানত মেৰী কম মেচখনত পৰাস্ত হয়। প্ৰথমটো ছেটত দুয়োগৰাকী খেলুৱৈয়ে ডিফেন্সক প্ৰাধ্যন দিছিল যদিও পৰৱৰ্তী ছেটত দুয়োগৰাকী খেলুৱৈ আক্ৰমণাত্মক হৈ পৰিছিল।মেচৰ শেষত ৰেফাৰীয়ে কলম্বিয়াৰ বক্সাৰগৰাকীক বিজয়ী ঘোষণা কৰে। ইয়াৰ পাছতে অলিম্পিক কমিটীৰ বক্সিং টাস্ক ফʼৰ্চৰ বিৰুদ্ধে মেৰী কমকে ধৰি দেশৰ একাংশ ক্ৰীড়াবিদ সমালোচনাত মুখৰ হৈ পৰিছে।
(R.T)