ৰাজ্য চৰকাৰে অচিৰেই অসম আৰক্ষীত খালী হোৱা পদত যুৱক যুৱতীক নিযুক্তি দিয়াৰ সিদ্ধান্ত-পীযুষ হাজৰিকা 

pc-Time 8 News

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ তথ্য আৰু জনসংযোগ, জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এক সংবাদমেল যোগে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে অচিৰেই অসম আৰক্ষীত খালী হোৱা পদৰ বিপৰীতে ১৫ হেজাৰ যুৱক যুৱতীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। চৰকাৰে ১লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে যি ঘোষণা কৰিছিল তাৰ ভিত্তিতেই ১ ছেপ্টম্বৰৰ পৰা এই ১৫ হেজাৰ যুৱক- যুৱতীক অসম আৰক্ষীত নিযুক্তি দিয়াৰ পৰ্ব আৰম্ভ কৰিব। কেবিনেটে লগতে পাঁচটা নতুন বেটেলিয়ন গঠনতো অনুমোদন জনাইছে। এই পাঁচটা বেটেলিয়নৰ অধীনত ৬২৭০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হʼব।

(R.T)