টংলা আঞ্চলিক আছুৰ উদ্যোগত বিধায়ক শ্বেৰমান আলি চৌধুৰীৰ প্ৰতিমূৰ্তী দাহ

টংলা আঞ্চলিক আছুৰ উদ্যোগত বিধায়ক শ্বেৰমান আলি চৌধুৰীৰ প্ৰতিমূৰ্তী দাহ

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা টংলা আঞ্চলিক অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ উদ্যোগত শুক্ৰবাৰে উত্তাল প্ৰতিবাদ। হয়!!””বাংলাদেশী ৰক্ষকৰ ভূমিকা পালন কৰা ছিপাঝাৰ গৰুখুটিৰ বেদখলকাৰীৰ সমৰ্থক!! শ্বেৰমান আলিয়ে। বিদেশী খেদা আন্দোলনৰ মহান শ্বহীদ সকলৰ ত্যাগ আৰু সংগ্ৰামক তুচ্ছ তাচ্ছিল্য মন্তব্যৰে অপমান কৰা বিধায়ক শ্বেৰমান আলি চৌধুৰীক তীব্ৰ হুংকাৰ তথা গৰিহণা দি আজি অসম ছাত্ৰ সন্থা টংলা আঞ্চলিকৰ উদ্যোগত টংলা চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিধায়ক শ্বেৰমান আলীৰ প্ৰতিমূৰ্তী দাহ কৰা দেখা যায়। উল্লেখ্য যে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অসমৰ ইতিহাস নজনা বিধায়ক গৰাকীক টংলা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দি শ্বেৰমান আলী হুচিয়াৰ ,শ্বেৰমান আলী মূর্দাবাদ ,শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰক ,শ্বেৰমান আলী হায় হায় আদি প্ৰতিধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।