ক’ভিড-১৯ কালছোৱাত প্রতিদিনে ১,০০২ কোটি  টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা আদানিৰ পৰিয়াল দেশৰ দ্বিতীয় ধনাঢ্য

pc Times Now

ক’ভিড-১৯ কালছোৱাত প্রতিদিনে ১,০০২ কোটি  টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা আদানিৰ পৰিয়াল দেশৰ দ্বিতীয় ধনাঢ্য

অনলাইন বাৰ্ত্তাসেৱা – প্রতিদিনে ১,০০২ কোটি টকাকৈ উপাৰ্জন গৌতম আদানি আৰু পৰিয়ালৰ। আই আই এফ এল ৱেলথ হুৰুন ইণ্ডিয়া লিষ্ট ২০২১ৰ তালিকাত এছিয়াৰ দ্বিতীয় ধৰ্ণাঢ্য ব্যক্তি হিচাপে স্থান লাভ কৰিছে গৌতম আদানিয়ে। বিগত ২০১৯-২০ বৰ্ষত আদানি পৰিয়ালে উপাৰ্জন কৰিছে ১.৪ লাখ কোটি। ২০২০-২১ বিত্তীয় বৰ্ষত গৌতম আদানি পৰিয়ালে ৫.০৬ লাখ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ক’ভিড-১৯ কালছোৱাত প্রতিদিনে ১,০০২ কোটি  টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা আদানিৰ পৰিয়াল দেশৰ দ্বিতীয় ধনাঢ্য। আনকি এছিয়াৰ দ্বিতীয় ধনাঢ্য ব্যক্তি ঝং চাংচানক স্থানচ্যুত কৰিবলৈ সক্ষম হৈছে গৌতম আদানি। প্রথমবাৰৰ বাবে হুৰুনৰ তালিকাত গৌতম আদানি আৰু ডুবাইস্থিত তেওঁৰ ভাতৃ বিনোদ শান্তিলাল আদানিয়ে স্থান লাভ কৰিছে। গৌতম আদানিয়ে পূৰ্বৰ চতুৰ্থ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে বিনোদ আদানিয়ে ১২ সংখ্যক স্থানৰ পৰা অষ্টম স্থানলৈ উন্নীত হৈছে। উল্লেখ্য যে ভাৰতৰ ধনাঢ্য ব্যক্তিৰ তালিকাত শীর্ষ স্থানত থকা মুকেশ আম্বানিয়ে উক্ত সময়ছোৱাত প্রতিদিনে ১৬৯ কোটি টকা উপাৰ্জন কৰিছে। ইয়াকে লৈ তেওঁৰ সম্পত্তি ৯ শতাংশ বৃদ্ধি হৈ ৭,১৮,০০০ কোটি টকা হৈছে।