জোনাইত ব্ৰহ্মপুত্ৰ আৰু মাজুলীত সোঁৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ কামৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ
বানৰ সময়ত ধেমাজিৰ ৰাইজ এতিয়া অসমৰ বাকী প্ৰান্তৰ পৰা বিচ্ছিন্ন হ’বলগা নহয়, যোৱা তিনিটা বছৰত আমি আন্তৰিকতাৰে কাম কৰি এই পৰ্যায়ত উপনীত হৈছোহি: মন্ত্ৰী হাজৰীকা
ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনৰ আন্তৰিকতা থকাৰ বাবেহে মাজুলীত চিঙাৰ মাথো ২০/২২ টা দিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো: জলসম্পদ মন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ধেমাজি জিলাৰ জোনাই আৰু মাজুলী জিলাৰ লুইত খাবলুত ক্ৰমে ব্ৰহ্মপুত্ৰ আৰু সোঁৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে আজি পুৱাতে জোনাইৰ কেৰকেৰৰ পৰা বৰঙলৈকে জলসম্পদ বিভাগে প্ৰায় ৪১.২৫ কোটি টকাৰ বাজেটেৰে ১৫ কিল’মিটাৰ সম্প্ৰসাৰণ কৰিবলগা ব্ৰহ্মপুত্ৰৰ নতুন মথাউৰিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ইতিপূৰ্বে কেইবাবাৰো অঞ্চলটো ভ্ৰমণ কৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিগত সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই আজি মথাউৰিটোৰ সম্প্ৰসাৰণৰ কামৰ আৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই তেওঁ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। পৰৱৰ্তী সময়ত বাকী থকা অংশটোতো মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে বানপানীৰ সময়ত যদি ৰাইজে সমস্যাৰ সন্মুখীন হ’ব লগা হয়, মথাউৰি বিচ্ছিন্ন হয় তেতিয়া বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ অত্যন্ত ব্যৰ্থ অনুভৱ কৰে। বানপানী আৰু গড়াখহনীয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰিবলৈকে মন্ত্ৰীগৰাকীয়ে বিগত ৪ টা বছৰে বিভাগীয় অভিযন্তা আৰু কৰ্মচাৰীৰ সৈতে আন্তৰিকতাৰে কাম কৰি থকা বুলি মন্তব্য কৰে। অৱশ্যে একে দিনাই অসমৰ অন্যতম মূল সমস্যা বানপানী আৰু খহনীয়াক নাইকীয়া কৰাটো সম্ভৱপৰ নহয় যদিও বিভাগে ধেমাজি, মাজুলী, লখিমপুৰ, মৰিগাঁওৰ স্পৰ্শকাতৰ অঞ্চলসমূহ বাচনী কৰি বিগত চাৰে তিনিটা বছৰে কাম কৰি আছে। বিগত ৩ টা বছৰে ধেমাজি জিলা আগৰ দৰে বাৰিষাৰ সময়ত ৰাজ্যৰ বাকী প্ৰান্তৰ পৰা বিচ্ছিন্ন হ’বলগা হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বান আৰু খহনীয়াক প্ৰাথমিকতা প্ৰদান কৰি কাম কৰাৰ বাবে ৰাজ্যখনত বান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। কৃষিৰ লগতে উদ্যোগ গঢ় লৈ উঠাৰ ক্ষেত্ৰতো বানপানী এক হেঙাৰ হিচাপে থিয় দিয়ে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ বাবে বহু পৰিমাণে বান নিয়ন্ত্ৰণ হোৱাত ৰাইজে খেতি কৰ্মত সফল হোৱাৰ লগতে ৰাজ্যলৈ বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি হৈছে বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। সম্পূৰ্ণ মেধাৰ ভিত্তিত ডেৰ লাখ প্ৰাৰ্থীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাকে ধৰি ৰাজ্য চৰকাৰৰ অৰুণোদয়, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আদি জনকল্যাণমূলক আঁচনিসমূহৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বক্তব্য ৰাখে। জোনাইৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে বগীবিল ঢকুৱাখনা হৈ মাজুলীলৈ যাত্ৰা কৰে আৰু মাজুলীৰ লুইত খাবলু অঞ্চলত সোঁৱণশিৰি নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰিব লগা প্ৰায় ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে স্থানীয় ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত মন্ত্ৰী হাজৰীকাই কয় যে বিগত লোকসভা নিৰ্বাচনত তেওঁ দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই লুইত খাবলুত সোঁৱণশিৰি নদীৰ পাৰত ২৪ কোটি টকাৰ ব্যয়েৰে ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আন্তৰিকতাৰ বাবেই মাজুলীৰ ৰাস্তা-পথৰ দ্ৰুত উন্নয়ন সম্ভৱপৰ হৈছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰি আখৰে আখৰে প্ৰতিশ্ৰুতি পালন কৰে। বিগত বাৰিষাত মাজুলীৰ যুগুণীধাৰীত ব্ৰহ্মপুত্ৰৰ মথাউৰি বিচ্ছিন্ন হোৱাৰ সময়ত জলসম্পদ বিভাগে দিনে ৰাতিয়ে কাম কৰি মথাউৰি মেৰামতি কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনৰ আন্তৰিকতা থকাৰ বাবেহে মাজুলীত চিঙাৰ মাথো ২০/২২ টা দিনৰ ভিতৰতে বিভাগে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। আনহাতে অৰুণোদয়ৰ দৰে আঁচনিৰে সৰ্বসাধাৰণক আৰ্থিক সকাহ দিবলৈ প্ৰয়াস কৰি অহা চৰকাৰখনে বিগত সময়ত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ মাথো তিনিটা বছৰতে ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাটো একপ্ৰকাৰৰ অভিলেখ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এইবেলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ উদ্যোগত জলসম্পদ বিভাগে প্ৰায় ৩৪২ কোটি টকাৰ বাজেটেৰে ২৪৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি বনাবলৈ আৰম্ভ কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত আৰু প্ৰায় ১৫০ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰিলে মথাউৰি নোহোৱা স্থান কতো নাথাকিব। মন্ত্ৰী হাজৰীকাৰ আজিৰ অনুষ্ঠানসূচীত জোনাইত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু আৰু মাজুলীত বিধায়াক ভূৱন গামে সংগ দিয়ে ।