জীৱন তৃৃষ্ণা- কবিতা শৰ্মা

Pc- medium

অণুগল্প

# জীৱন তৃৃষ্ণা #

মানুহ জনৰ হাত দুখন বাউসীতে কটা ৷ ভৰি দুখনৰো কোনো অংশই অৱশিষ্ট নাই ৷ এটুকুৰা জীয়া মাংস পিণ্ডৰ দৰে বাগৰি বাগৰি বাটটোৰে আগুৱাই আহি থকা মানুহ জনক দেখি ছোৱালী জনী থমকি ৰ’ল ৷ জীয়াই থকাৰ কি দুৰ্বাৰ আকাংক্ষা ! ৰেল আলিলৈ বুলি আগবঢ়া ছোৱালী জনীয়ে তাইৰ পথ সলালে ৷

কবিতা শৰ্মা।
গুৱাহাটী